আমগুৰি, 28 মে’ : শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ বৰাহীবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ পানী যোগান আঁচনি স্থানান্তৰক কেন্দ্ৰ কৰি আজি স্থানীয় লোকে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বৰাহীবাৰী চেউনীয়াল গাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় লোকসকলে কোনো কাৰণে নৱনিৰ্মিত পানী যোগান আঁচনি স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰকাশ কৰে (Public Protest against PHE Department in Amguri) ৷
উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগক বৰাহীবাৰী চেউনীয়াল গাঁৱৰ বৰনামঘৰ সমিতিয়ে দুকঠা ভূমি পানী যোগান প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ হস্তান্তৰ কৰিছিল ৷ মাটি হস্তান্তৰ কৰি পানী যোগান আঁচনি স্থাপন কৰিবলৈ ভূমি আবন্টন দিয়াৰ পিচতেই বিভাগটোৱে আঁচনিখন অন্য ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে (Water Supply Scheme) ৷ বিভাগটোৱে ৰাজহুৱা সম্পত্তি ধ্বংস কৰি, মূল্যবান সাঁচিগছ কাটি, বৃহৎ বৃহৎ গাঁত খান্দি আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰাৰ পিচতো বিভাগটোৱে আঁচনিখন অন্য ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰিছে ৷ স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ আনি এতিয়া ক্ষতিপূৰণৰ দাবী জনাইছে (Public Protest against PHE Department) ৷