আমগুৰি, ২১ মাৰ্চ : "আপোনাৰ নিচিনা সচিব প্ৰধানক হালোৱা এচাৰিৰে কোবাই খেদি উলিয়াই দিয়া মানুহ আমি ।" চৰকাৰী আঁছনিৰ পৰা বঞ্চিত হিতাধিকাৰীৰ ক্ষোভ মিশ্ৰিত মন্তব্য এয়া । শিৱসাগৰ জিলাৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিক এনেদৰে ধমক দিলে একাংশ হিতাধিকাৰী আৰু স্থানীয় লোকে । অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী আন আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত একাংশ হিতাধিকাৰীয়ে মঙলবাৰে পঞ্চায়ত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে (Public protest in Amguri)। য'ত পঞ্চায়ত সচিব প্ৰধানক উদ্দেশ্যি ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।
শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰাহীবাৰী গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ তোলে ৰাইজে (Scam in Govt scheme)। প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ নামতো জাতি-ভেদ বিচাৰ কৰাৰ অভিযোগ বঞ্চিত হিতাধিকাৰীসকলৰ ।
প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰথম দাস উপাধিৰ লোকে পাব তাৰ পাচত গগৈ আৰু অৱশেষত মুছলমানে লাভ কৰিব বুলি পঞ্চায়তৰ প্ৰতিনিধিয়ে কোৱা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী হিতাধিকাৰীসকলে । আনহাতে, চৰকাৰী আঁচনি ৰূপায়ণত বৰাহীবাৰী পঞ্চায়তত ব্যাপক দুৰ্নীতিৰো অভিযোগ কৰে লোকসকলে । পঞ্চায়তখনত চলা দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভিত হৈ মহিলাসকল ওলাই আহি পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰাৰ লগতে উচিত তদন্তৰ দাবী তোলে (Public protest against panchayat worker)।