শিৱসাগৰ, 8 নৱেম্বৰঃ শিৱসাগৰত মাইক্ৰ'ফাইনান্স কোম্পানীৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বন্ধন গোটৰ এজেন্টে ঋণ লোৱা মহিলাৰ পৰা গেছ চিলিণ্ডাৰৰ লগতে চাউল কাঢ়ি নিয়াৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷
শিৱসাগৰত বন্ধনৰ বান্ধোনত ত্ৰাহি মধুসুদন মহিলাৰ; এজেন্টে কাঢ়ি নিলে গেছ চিলিণ্ডাৰ - PUBLIC PROTEST AGAINST MICRO FINANCE AT SIVASAGAR
শিৱসাগৰত NBFC আৰু MFI বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বন্ধন গোটৰ এজেন্টে ঋণ লোৱা মহিলাৰ পৰা গেছ চিলিণ্ডাৰৰ লগতে চাউল কাঢ়ি নিয়া বুলি গুৰুতৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷
শিৱসাগৰত ব্যক্তিগতখণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাজপথত উত্তাল প্ৰতিবাদ হাজাৰ হাজাৰ মহিলাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ বন্ধনকে ধৰি মাইক্ৰ'ফাইনাঞ্চ কোম্পানীয়ে অধিক হাৰত সুত লৈ গাঁৱৰ মহিলাক লুন্ঠন চলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ তাৰোপৰি মাইক্ৰ'ফাইনান্স কোম্পানী সমুহে গাঁৱৰ অৰ্থনীতি ভাঙি পেলোৱা বুলি গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ উক্ত বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদকাৰীৰ সকলৰ ৷ ৰাজপথত মাই্ৰ'ফাইনান্সৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷
আনহাতে, শিৱসাগৰ শিমলুগুৰিৰ মনি বৰা নামৰ মহিলা গৰাকীয়ে দিছে আন এক গুৰুতৰ অভিযোগ ৷ মনি বৰাৰ ঘৰৰ পৰা চিলিণ্ডাৰকে ধৰি ঘৰৰ বয়বস্তু লুটি নিয়া বুলি লিখিত অভিযোগ দিয়ে শিৱসাগৰ জিলা উপায়ুক্তক ৷ বন্ধন গোটৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই ঘৰত উপস্থিত নথকা সময়ত বন্ধন গোটৰ মহিলাই ঘৰৰ পৰা বয়-বস্তু উঠায় লৈ যোৱা বুলি অভিযোগ মনি বৰাৰ ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদকাৰী সকলে NBFC আৰু MFI বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ৷