শিৱসাগৰ,26ছেপ্তেম্বৰঃ ভাৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ প্ৰতিবাদ ৷ শিৱসাগৰৰ দ'লমুখ চাৰি আলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সংশোধিত কৃষক বিৰোধী আইন বাতিলৰ দাবী জনায় ৷
কৃষক বিৰোধী আইন বাতিলৰ দাবীত শিৱসাগৰত প্ৰতিবাদ - কৰ্পৰেট কোম্পানী
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ,বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে বিগত কিছু দিনত এখনৰ পাচত আন খন কৃষক বিৰোধী আইন সংশোধন কৰিছে ৷ যাৰ ফলত কৃষক আৰু সৰ্বসাধাৰণ ৰাইজ সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে ।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ,বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে বিগত কিছু দিনত এখনৰ পাছত আন খন কৃষক বিৰোধী আইন সংশোধন কৰিছে ৷ যাৰ ফলত কৃষক আৰু সৰ্বসাধাৰণ ৰাইজ সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে । তদুপৰি নূন্যতম বজাৰ মূল্য পুঁজিবাদীৰ হাতত গতাই দিব বিচৰা বিজেপি চৰকাৰে সমগ্ৰ কৃষি খণ্ডটো এতিয়া কৰ্পৰেট কোম্পানীৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰা বুলিও অভিযোগ কৰে ৷ আনহাতে সংগঠনটোৱে এই আইন অসমৰ ৰাইজে মানি নলয় বুলিও মন্তব্য কৰে ৷
লগতে পঢ়কঃবিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত