শিৱসাগৰ, 19 চেপ্তেম্বৰ:সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে শনিবাৰে শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ধৰ্মঘট কাৰ্যসূচী পালন কৰিলে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ, চৰকাৰে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও, সেইয়া মূলতঃ কাৰ্যকৰী হৈ নুঠিল ৷ আজি অসমৰ 6 জনজাতিক ভাগ কৰি চৰকাৰে ৰাজনীতি কৰিছে ৷ শেহতীয়াকৈ সম্পন্ন হোৱা বিধানসভাৰ অধিৱেশনত মৰাণ, মটক আৰু কোচ ৰাজবংশী সকলক স্বায়ত্ব পৰিষদ প্ৰদান কৰিলে যদিও, 6 জনগোষ্ঠীৰ অন্যতম আহোম,চুতীয়া আৰু চাহ জনজাতীয় লোক সকলক চৰকাৰে বঞ্চিত কৰি ৰাখিলে ৷
জনজাতিকৰণৰ দাবীৰে শিৱসাগৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ - সৰ্বানন্দ সোণোৱাল
শনিবাৰে সোণোৱাল চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ জনজাতিকৰণৰ দাবীৰে সংগঠনটোৱে শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তমৰ্মে ৰাজ্য চৰকাৰে অসমৰ 6 জনগোষ্ঠীয় লোকসকলক ভাগ ভাগ কৰি শাসনৰ বাঘজৰী লৈ জনগোষ্ঠী সকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে ৷ চৰকাৰে যেতিয়ালৈ বাকী থকা জনগোষ্ঠী কেইটাকো স্বীকৃতি প্ৰদান নকৰে তেতিয়ালৈ তেওঁলোকে সমাগত নিৰ্বাচনত সোণোৱাল চৰকাৰক সমৰ্থন নকৰে বুলি সকিয়নী প্ৰদান কৰে ৷ সৰ্বানন্দ সোণোৱাল নিজেই এগৰাকী সোণোৱাল কছাৰী লোক হৈয়ো বিভাজনৰ ৰাজনীতি কৰিছে বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক:সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ