আমগুৰি, 4 ডিচেম্বৰ:মূল্যবৃদ্ধি ৰোধৰ দাবীৰে শুকুৰবাৰে আমগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমগুৰি আঞ্চলিক সমিতিয়ে । আমগুৰি নগৰৰ চাৰিআলিত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।
মূল্যবৃদ্ধি ৰোধৰ দাবীৰে আমগুৰিত প্ৰতিবাদ
আমগুৰি নগৰৰ চাৰিআলিত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমগুৰি আঞ্চলিক সমিতিয়ে । মূল্যবৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
মূল্যবৃদ্ধি ৰোধৰ দাবীৰে আমগুৰিত প্ৰতিবাদ
শাসনাধীন চৰকাৰৰ লগতে বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে শ্ল'গান প্ৰদান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদী সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰি অতি শীঘ্ৰেই চৰকাৰক মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । অন্যথা আগন্তুক দিনত ইয়াতকৈয়ো অধিক তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ।