অসম

assam

ETV Bharat / state

দেৱাশীষ গগৈ হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ - দেৱাশীষ গগৈৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ দাবী

দেৱাশীষ গগৈৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি উপযুক্ত শাস্তিৰ দাবী জনোৱাৰ লগতে যুৱকজনৰ পৰিয়াল বৰ্গক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু এটা চাকৰি প্ৰদানৰ দাবী জনায় টাই আহোম যুৱ পৰিষদ অসমৰ সদস্য সকলে ৷

Protest for justice of Debashish Gogoi at Sivsagar
দেৱাশীষ গগৈ হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

By

Published : Jun 1, 2020, 3:38 PM IST

শিৱসাগৰ, 1 জুন:মৰিয়নীত গণপ্ৰহাৰত মৃত্যু মুখত পৰা দেৱাশীষ গগৈ হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিবাদ ৷ সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত সংগঠনটোৱে একাংশ সদস্যই সাব্যস্ত কৰে প্ৰতিবাদ ৷ লক ডাউনৰ বাবে সামাজিক ব্যৱধান মানি চলি সীমিত সংখ্যক সদস্যই ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷

দেৱাশীষ গগৈ হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

উল্লেখ্য যে, দেৱাশীষ গগৈৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি উপযুক্ত শাস্তিৰ দাবী জনোৱাৰ লগতে যুৱকজনৰ পৰিয়াল বৰ্গক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু এটা চাকৰি প্ৰদানৰ দাবী জনায় টাই আহোম যুৱ পৰিষদ অসমৰ সদস্যসকলে ৷

লগতে পঢ়কঃ প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ মুকলি হাটীপুখুৰীত

ABOUT THE AUTHOR

...view details