শিৱসাগৰ, 21 জুন:সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest by Motok Yuba Chatra Sanmilan at Sivasagar) । তিনিঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ছাত্ৰ সন্মিলনে বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
শিৱসাগৰত মটক যুৱ-ছাত্র সন্মিলনৰ প্ৰতিবাদ - শিৱসাগৰত মটক যুৱ ছাত্র সন্মিলনৰ প্ৰতিবাদ
শিৱসাগৰত প্ৰতিবাদ মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৷ জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ ৷ মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি মৰ্যদা প্ৰদান নকৰিলে তীব্ৰ বিক্ষোভৰ হুংকাৰ দিছে মটক যুৱ-ছাত্ৰ সন্মিলনে ।
বিশেষকৈ মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, আলফা সমস্যাৰ স্থায়ী সমাধান কৰা, মটক স্বায়ত্ত্ব পৰিষদলৈ পৰ্যাপ্ত পুঁজিৰ যোগান ধৰা, মটক জনগোষ্ঠীৰ বিশেষ শিতানত ঘোষিত ১২৫ কোটি টকাৰ অৱশিষ্ট ধনৰাশি মোকলাই দিয়া, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, শিৱসাগৰৰ জৰাজীৰ্ণ বাট-পথসমূহ নিৰ্মাণ কৰা আদি দাবী উত্থাপন কৰি এইসমূহ সমাধানৰ বাবে চৰকাৰক আহবান জনায় । মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান নকৰিলে তীব্ৰ বিক্ষোভৰ হুংকাৰ দিছে মটক যুৱ-ছাত্ৰ সন্মিলনে ।
লগতে পঢ়ক:International Yoga Day : বিশ্ব যোগ দিৱসত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ