অসম

assam

ETV Bharat / state

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ - regularization

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নতুনকৈ হোৱা যোগদানক লৈ শণিবাৰে চিকিৎসালয়খনত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ ৷ কভিড ৱাৰ্ডৰ বাবে অন্য জিলাৰ পৰা গৈ চাৰি গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ যোগদানৰ পাছতে এই লৈ প্ৰতিবাদ সাৱস্ত্য কৰে চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে৷

protest-by-4th-grade-staff-of-sivsagar-civil-hospital
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Jun 27, 2020, 5:24 PM IST

শিৱসাগৰ,২৭জুন: শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নতুনকৈ হোৱা যোগদানক লৈ শণিবাৰে চিকিৎসালয়খনত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ ৷ কভিড ৱাৰ্ডৰ বাবে অন্য জিলাৰ পৰা গৈ চাৰি গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ যোগদানৰ পাছতে এই লৈ প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসালয়ৰ সমূহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীযে ৷ বছৰ বছৰ ধৰি সামান্য বেতনত অস্থায়ী ভাৱে দায়িত্ব পালন কৰি অহা এই সকল কৰ্মচাৰীয়ে বৰ্হি জিলাৰ পৰা এইদৰে স্থায়ী পদত কৰ্মচাৰী নিয়োগত ক্ষোভ প্ৰকাশ কৰিছে । এনে নিয়োগৰ বিৰোধিতা কৰি শণিবাৰে চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে । ধৰ্ণা-শ্লগান দি কৰ্মচাৰী সকলে অনতিপলমে বৰ্হি জিলাৰ কৰ্মচাৰীৰ যোগদান বাতিল কৰি চিকিৎসালয়খনত পূৰ্বৰে পৰা কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ আৰু বেতন বৃদ্ধিৰ দাবী উত্থাপন কৰে ।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ


আনহাতে এই ঘটনা সন্দৰ্ভত চিকিৎসালয়ৰ স্থিতি স্পষ্ট কৰিলে শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই । শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড ৱাৰ্ডৰ বাবে অতিৰিক্ত ৮ গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰয়োজনৰ কথা স্বাস্থ্য সঞ্চালকালয়ক জনাইছিল চিকিৎসালয় কৰ্তৃপক্ষই । সেই অনুসৰি ৪ জন কৰ্মচাৰীক সঞ্চালকালয়ে নিয়োগ কৰিছে । ইয়াৰ অৰ্থ এইটো নহয় যে, বৰ্তমান কৰ্মৰত কোনো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব । নতুনকৈ যোগদান কৰা এই চাৰি গৰাকীক ক’ভিড ৱাৰ্ডৰ দায়িত্বৰ বাবেহে শিৱসাগৰত নিযুক্তি দিয়া হৈছে ।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details