অসম

assam

By

Published : Aug 27, 2020, 5:14 PM IST

Updated : Aug 27, 2020, 6:07 PM IST

ETV Bharat / state

গীত কামৰূপাৰ ভাষ্যক লৈ উত্তাল শিৱসাগৰ

শিৱসাগৰত গীত কামৰূপা নামৰ মহিলা গৰাকীৰ ভাষ্যক লৈ সৰৱ শিৱসাগৰৰ প্ৰায় 1 ডৰ্জন দল-সংগঠনৰ ৷ বিজেপি আৰ এছ এছৰ দালাল আখ্যা গীত কামৰূপাক সত্যৰঞ্জন বৰাৰ আশ্ৰিত গীত কামৰূপাই শিৱসাগৰত ধৰ্মীয় মেৰুকৰণ কৰাৰ চেষ্টাৰ অভিযোগতে এজাহাৰ দাখিল মহিলা গৰাকীৰ বিৰুদ্ধে ৷

গীত কামৰূপা
গীত কামৰূপাৰ ভাষ্যক লৈ উত্তাল শিৱসাগৰ

শিৱসাগৰ, 27 আগষ্টঃ মহিলা শক্তি সংবৰ্দ্ধন ক্ষেত্ৰ, অসম নামৰ এক মহিলা অনুষ্ঠানৰ স্বয়ম্ভু নেত্ৰী গীত কামৰূপা নামৰ এগৰাকী মহিলাৰ বহু বিতৰ্কিত ভাষ্যই উত্তাল কৰিছে শিৱসাগৰ । গীত কামৰূপা নামৰ মহিলা গৰাকীয়ে সামাজিক মাধ্যমৰ মাজেৰে কালি এক বাৰ্তা প্ৰেৰণ কৰি শিৱসাগৰৰ হাজাৰ হাজাৰ মহিলা পতিতা বৃত্তিত জড়িত বুলি উল্লেখ কৰি এনে পতিতা বৃত্তিৰ লগত শিৱসাগৰৰ দল-সংগঠন জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ এনে পতিতা বৃত্তিৰ লগত মধ্যভোগী ৰূপে শিৱসাগৰৰ দল-সংগঠন জড়িত থকাৰ অভিযোগ উত্থাপন কৰে তথাকথিত নাৰীবাদী নেত্ৰী গৰাকীয়ে । লগতে শিৱসাগৰৰ ষাঠি শতাংশ লোক মুছলমান বুলি সাম্প্ৰদায়িক মন্তব্য কৰি এই সকল মুছলমান লোকৰ পৰা কমিছনৰ অংকত দল-সংগঠন পৰিচালিত হোৱাৰ জঘন্য অভিযোগ উত্থাপন কৰে । গীত কামৰূপাৰ এনে বক্তব্যক লৈ বৃহস্পতিবাৰে শিৱসাগৰৰ দল-সংগঠন জাঙুৰ খাই উঠিছে । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দেৱজিৎ দত্তই গীত কামৰূপা নামৰ মহিলা গৰাকীক আৰ এছ এছ ৰ দালাল বুলি অভিহিত কৰি সত্যৰঞ্জন বৰাৰ আলধৰা হৈ শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে বুলি উষ্মা প্ৰকাশ কৰে । তেওঁ গীত কামৰূপাক তেওঁৰ অভিযোগ সমূহ ১২ ঘণ্টাৰ ভিতৰত তথ্য সহকাৰে প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান জনাই ৷ অন্যথা শিৱসাগৰৰ দল সংগঠনে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য হ'ব ৷

গীত কামৰূপাৰ ভাষ্যক লৈ উত্তাল শিৱসাগৰ

গীত কামৰূপাক মাটিফুটি আৱিৰ্ভাৱ হোৱা বুলি আহোম গণমঞ্চৰ মহেন্দ্ৰ দিহিঙীয়াই এগৰাকী মহিলা হৈ মহিলাক সন্মান কৰাৰ শিক্ষা লবলৈ সকিয়াই দি কয় যে বিজেপি দলৰ এজেণ্ট ৰূপে কাম কৰা এই গৰাকী তথাকথিত মহিলাই শিৱসাগৰত বিষবাষ্প বিয়পাবলৈ কৰা চেষ্টা শিৱসাগৰীয়া ৰাইজে সফল হ'ব নিদিয়ে ।

গীত কামৰূপাৰ ভাষ্যক লৈ উত্তাল শিৱসাগৰ

অসম ছাত্ৰ যুৱ সন্মিলনৰ জিন্তু মেছে গীত কামৰূপা নামৰ মহিলা গৰাকীৰ অভিযোগৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ । মহিলা গৰাকীক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দি প্ৰকৃততে মহিলা উত্তৰণৰ কাম সমূহ আগবঢ়াই নিবলৈ আহ্বান জনায় ।

গীত কামৰূপাৰ ভাষ্যক লৈ উত্তাল শিৱসাগৰ

সেইদৰে সদৌ অসম ছাত্ৰ সন্থা,ঐক্য সেনা অসম,উজনি অসম মুছলিম কল্যাণ পৰিষদকে ধৰি প্ৰায় 12 ডৰ্জন বিভিন্ন, ‌সংগঠনে গীত কামৰূপাৰ এনে মিছা অভিযোগক সমালোচনা কৰি সাম্প্ৰদায়িক কৰ্মৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিয়ে । সত্যৰঞ্জন বৰাৰ দৰে ধৰ্মীয় মেৰুকৰণ কৰা নেতাৰ আশ্ৰিত হৈ শিৱসাগৰত ধৰ্মীয় বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা গীত কামৰূপাক শালীনতা বজাই ৰাখি অসমীয়া নাৰীৰ পৰিচয় বদনাম নকৰিবলৈ সকিয়াই দিছে দল-সংগঠনে ।

গীত কামৰূপাৰ ভাষ্যক লৈ উত্তাল শিৱসাগৰ

ঐক্য সেনা অসমকে ধৰি প্ৰায় এক ডৰ্জন দল সংগঠনে বিগত দিনত সত্যৰঞ্জন বৰা নামৰ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ তথাকথিত নেতাই শিৱসাগৰলৈ আহি ধৰ্মৰ ভিত্তিত অস্থিৰতা বিয়পোৱাৰ কৰা চেষ্টাক শিৱসাগৰৰ দল-সংগঠনে ন্যসাৎ কৰাত বৰাৰ ঘনিষ্ঠ আৰু আশ্ৰিত বুলি পৰিচিত গীত কামৰূপাই এনে বক্তব্য প্ৰদান কৰা বুলি ধাৰণা কৰিছে বিভিন্ন জনে । সেইদৰে শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা পঞ্জীয়নভুক্ত পতিতাৰ তথ্য লাভ কৰা বুলি সদৰী কৰাক লৈ এনে তথ্য প্ৰশাসনৰ কোন বিষয়াৰ পৰা লাভ কৰিছে আৰু কেতিয়াৰ পৰা পতিতাবৃত্তি ভাৰতত বৈধ হ'ল সেই বিষয়ত স্পষ্ট কৰিবলৈ দাবী জনাইছে দল-সংগঠনে ।

লগতে পঢ়কঃ লামডিং কোৱাৰেণ্টাইন কেন্দ্ৰত কদৰ্যময় পৰিৱেশ

Last Updated : Aug 27, 2020, 6:07 PM IST

ABOUT THE AUTHOR

...view details