আমগুৰি, ২৪ নৱেম্বৰঃ আমগুৰি নগৰৰ চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সদৌ টাই আহোম ছাত্ৰ সন্থা,অসম জাতীয় গনমঞ্চকে ধৰি চাৰিটাকৈ সংগঠনৰ প্ৰতিবাদ । জাতিৰ স্বাৰ্থত কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে কৰা আন্দোলনক ৰাম কৃষ্ণ ঘোষ নামৰ ব্যক্তিজনে বিতৰ্কিত মন্তব্য কৰাৰ লগতে আন্দোলনৰ নামত ভেঙুচালি কৰা বুলি মন্তব্যৰ বিৰুদ্ধে দেওবাৰে প্ৰতিবাদমুখৰ হৈ উঠে শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চল।
আমগুৰিত 4 টা সংগঠনৰ প্ৰতিবাদ - cab
জাতিৰ স্বাৰ্থত কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে কৰা আন্দোলনক ৰাম কৃষ্ণ ঘোষ নামৰ ব্যক্তিজনে বিতৰ্কিত মন্তব্য কৰাৰ লগতে আন্দোলনৰ নামত ভেঙুচালি কৰা বুলি মন্তব্যৰ বিৰুদ্ধে দেওবাৰে প্ৰতিবাদ মুখৰ হৈ উঠে শিৱসাগৰ জিলাৰ আমগুৰি
আমগুৰিত 4 টা সংগঠনৰ প্ৰতিবাদ
আনহাতে, ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে বিভিন্ন শ্ল'গান দি পথ অৱৰোধ কৰাৰ উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰো দাবী জনায় প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তিৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকা,কাৰ্যকৰী সভাপতি পল্লব শইকীয়া সম্পাদক সীমান্ত গগৈ,আমগুৰি আৰু বৰাহী বাৰী আঞ্চলিকৰ ৰবীন হাজৰিকা, ৰণ্টু শইকীয়া,প্ৰীতম বৰুৱা, প্ৰণৱ বৰুৱা, দীপাংকৰ গগৈ অসম জাতীয়তাবাদীৰ মিঠু দত্ত, টাই আহোম ছাত্ৰ সন্থাৰ আদিত্য ৰুচাও,আহোম জাতীয় গনমঞ্চৰ উদয়াদিত্য বৰা উপস্থিত থাকে ৷