মৰাণ, 11 অক্টোবৰ : উপ-নিবাৰ্চনলৈ মাজত মাত্ৰ কেইটামান দিন । নিবাৰ্চনৰ দিন চমু চাপি অহাৰ লগে লগেই পুনৰ চৰ্চালৈ আহিছে গো সুৰক্ষা আইন প্ৰসংগ। পূজাৰ ধামখুমীয়াৰ মাজতে থাওৰাৰ ডিমৌত গো সুৰক্ষা আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ৷
ডিমৌ চাৰিআলিৰ মাজ মজিয়াত আগত গৰু লৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নগৰ সমিতিয়ে গো সুৰক্ষা আইন 2021 বাতিল আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় । অৰ্ধ শতাধিক যুৱমঞ্চৰ কৰ্মীয়ে প্ৰতিবাদস্থলীত বিজেপি চৰকাৰ বিৰোধী শ্ল'গানৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ'বেক, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷