অসম

assam

By

Published : Nov 4, 2020, 2:01 PM IST

ETV Bharat / state

মূল্যবৃদ্ধিঃ শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

আলু,পিঁয়াজ,পাচলিৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰিছে ৰাইজক । এনে মূল্যবৃদ্ধি প্ৰতিৰোধত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্যৰ চৰকাৰ তথা যোগান বিভাগ । ইয়াৰ প্ৰতিবাদত বুধবাৰে শিৱসাগৰ নগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে ।

protest against price hike at sivsagar
মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

শিৱসাগৰ, 4 নবেম্বৰ : সমগ্ৰ ৰাজ্যতে ব্যপক ৰূপ লৈছে মূল্যবৃদ্ধিয়ে । দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক । আলু,পিঁয়াজ,পাচলিৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰিছে ৰাইজক । এনে মূল্যবৃদ্ধি প্ৰতিৰোধত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্যৰ চৰকাৰ তথা যোগান বিভাগ । ইয়াৰ প্ৰতিবাদত বুধবাৰে শিৱসাগৰ নগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰিছে প্ৰতিবাদ । কেন্দ্ৰীয় কেবিনেটে আলু,পিঁয়াজ আদিক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বৰ্হিভূত কৰাৰ পাচতেই বজাৰত অভাৱনীয়ভাৱে দাম বৃদ্ধি পাবলৈ ধৰিছে এই সমূহ সামগ্ৰীৰ ৷ আনহাতে যোগান মন্ত্ৰীয়েও কেন্দ্ৰৰ এই সিদ্ধান্তৰ দোহাই দি অসহায় স্বীকাৰোক্তি প্ৰদান কৰিছে ৷

লগতে পঢ়ক :২৬,২৭ আৰু ২৮ ডিচেম্বৰত মৰাণত অনুষ্ঠিত হ'ব টাইপাৰ কেন্দ্ৰীয় অধিবেশন

ABOUT THE AUTHOR

...view details