আমগুৰি, 4 মাৰ্চ:শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰাহীবাৰী গাঁও পঞ্চায়তৰ সম্পাদকৰ বিৰুদ্ধে ক্ষোভিত হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ ৰাইজৰ ৷ দীৰ্ঘদিনধৰি বৰাহীবাৰী গাঁও পঞ্চায়তত অৰাজকতা চলি থকাৰ অভিযোগৰ লগতে সম্পাদক আশীষ পালৰ একনায়কত্ববাদ, সম্পাদক কাৰ্যালয়ত উপস্থিত নথকা, বৃদ্ধ পেঞ্চন, বিধৱা আঁচনি, প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা বৰাহীবাৰী ৰাইজ বঞ্চিত হোৱা আদিৰ অভিযোগ তুলি মঙলবাৰে বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও কৰে ৰাইজে ৷ লগতে প্ৰতিবাদকাৰী সকলে পঞ্চায়তৰ দুৰ্নীতি বন্ধ হ'ব লাগিবই, সম্পাদকৰ একনায়কত্ববাদ বন্ধ হ'ব লাগিবই, প্ৰকৃত হিতাধিকাৰীয়ে বৃদ্ধ পেঞ্চন, প্ৰধানমন্ত্ৰী আৱাস গৃহ পাব লাগিবই আদি বিভিন্ন শ্লোগানেৰে দুঘণ্টা সময় ধৰি উত্তাল কৰি তোলে পৰিৱেশ ৷
পঞ্চায়তৰ সম্পাদকৰ বিৰুদ্ধে ক্ষোভঃ বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও ৰাইজৰ - আশীষ পালৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ
শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰাহীবাৰী গাঁও পঞ্চায়তৰ সম্পাদক আশীষ পালৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ ৰাইজৰ ৷
![পঞ্চায়তৰ সম্পাদকৰ বিৰুদ্ধে ক্ষোভঃ বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও ৰাইজৰ Protest against Panchayat Secretary at Borahibari panchayat, Sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6288680-317-6288680-1583305712665.jpg)
পঞ্চায়তৰ সম্পাদকৰ বিৰুদ্ধে ক্ষোভঃ বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও ৰাইজৰ
পঞ্চায়তৰ সম্পাদকৰ বিৰুদ্ধে ক্ষোভঃ বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও ৰাইজৰ
উল্লেখ্য যে, পঞ্চায়তীৰাজ ব্যৱস্থাৰ যোগেদি ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি গ্ৰামাঞ্চলৰ দৰিদ্ৰতা আঁতৰ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও সম্প্ৰতি একাংশ চৰকাৰী কৰ্মচাৰীৰ হাততে দৰিদ্ৰ লোকসকল বঞ্চনাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক:বাক্সাৰ এন কে দৰঙাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নি সংযোগকাৰীক আটক