অসম

assam

মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে পুনৰ ৰাজপথত নামিল মহিলা

আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আইন হাতত তুলি লোৱাৰ হুংকাৰ দিলে স্থানীয় মহিলাই ৷ অসমৰ মহিলাক হাৰাশাস্তি কৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিলে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

By

Published : Feb 1, 2020, 1:01 PM IST

Published : Feb 1, 2020, 1:01 PM IST

protest against microfinance company in amguri
ৰাজ্যত অব্যাহত আছে মাইক্ৰফাইনেন্স কোম্পানীৰ লুণ্ঠন

আমগুৰি , 1 ফেব্ৰুৱাৰীঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় মহিলা ৷ শনিবাৰে চামগুৰি অঞ্চলত ৰাজপথলৈ ওলাই আহি একাংশ ভুক্তভোগী মহিলাই মাইক্ৰফাইনেন্স কোম্পানী সমূহে অধিক সুদৰ হাৰ আৰু ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি নচলালৈকে কিস্তি প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে মহিলাসকলৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি মহিলাসকলক সহযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

ভুক্তভোগী মহিলাসকলৰ লগত কোম্পানীৰ বিষয়ববীয়াৰ সৈতে সুদৰ হাৰ হ্ৰাস আৰু ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি চলাৰ সম্পৰ্কে দ্বিতীয়লানি আলোচনা নোহোৱা পৰ্যন্ত কিস্তি প্ৰদান কৰা নহ'ব আৰু ধাৰাবাহিক আন্দোলন চলি যাব বুলি মন্তব্য কৰে সংগঠন দুটাই ৷ সংগঠন দুটাই লগতে উল্লেখ কৰে যে , এই ক্ষেত্ৰত যদি মহিলাসকলক বেংকৰ মেনেজাৰ আৰু কালেক্টৰে জোৰ জুলুম কৰি বা মানসিক অত্যাচাৰ কৰি হাৰাশাস্তি কৰে তেতিয়া ৰাইজ বা ভুক্তভোগী মহিলাই আইন হাতত তুলি লবলৈও কুণ্ঠাবোধ নকৰে আৰু তাৰ বাবে মাইক্ৰফাইনেন্স কোম্পানী সমূহেই জগৰীয়া হ’ব ৷

ৰাজ্যত অব্যাহত আছে মাইক্ৰফাইনেন্স কোম্পানীৰ লুণ্ঠন

উল্লেখযোগ্য যে , ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ পাছতো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে বৃদ্ধি পাই আছে মাইক্ৰফাইনেন্স কোম্পানীসমূহ ৷ গাঁৱৰ সহজ সৰল ৰাইজক প্ৰথমে ঋণ প্ৰদান কৰি পৰৱৰ্তী সময়ত আধিক সুদৰ হাৰত কিস্তি তুলি হিতাধিকাৰীক মানসিক ভাৱে শাস্তি প্ৰদান কৰি অহাৰ অভিযোগ বাৰে বাৰে উত্থাপন হৈছে এইকোম্পানী সমূহৰ বিৰুদ্ধে ৷ লক্ষ্যণীয় যে , বিভিন্ন সময়ত হিতাধিকাৰীৰ ঘৰৰ আচবাৱ , টিনপাত আদি বলপূৰ্বক ভাৱে কাঢ়ি নিয়াৰ লগতে কোম্পানী সমূহক টকা ঘূৰাই দিব নোৱাৰাৰ বাবে হিতাধিকাৰীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে ৰাজ্যত ৷ মাইক্ৰফাইনেন্স কোম্পানীসমূহৰ পৰা এই সমস্যাৰ সন্মুখীন হোৱা ভুক্তভোগী সকলৰ আহ্বান , অতি শীঘ্ৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক এই কোম্পানী সমূহৰ বিৰুদ্ধে ৷

লগতে পঢ়কঃ জেট 2020ঃ আশাৰ বতৰা আনিছে কৃষি আৰু শিক্ষা খণ্ডলৈ !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details