অসম

assam

আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

বন্ধন, আৰ জি বি এন, এল এন টি, বেদিকা, আৰোহন, ছেটিংছ, নবাৰুণ মাইক্ৰফাইনেন্স কোম্পানীৰ অত্যাধিক সুতৰ হাৰৰ বিৰুদ্ধে আমগুৰিৰ বৰাহীবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে

By

Published : Oct 31, 2019, 6:55 PM IST

Published : Oct 31, 2019, 6:55 PM IST

আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

আমগুৰি ৩১ অক্টোবৰ: শিৱসাগৰ আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কোম্পানীসমূহে নিৰ্ধাৰণ কৰা অত্যাধিক সুতৰ হাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় দুই শতাধিক মহিলাই ৷ বন্ধন, আৰ জি বি এন, এল এন টি, বেদিকা, আৰোহন, ছেটিংছ, নবাৰুণ মাইক্ৰফাইনেন্স কোম্পানীৰ অত্যাধিক সুতৰ হাৰৰ বিৰুদ্ধে আমগুৰিৰ বৰাহীবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷ অভিযোগ অনুসৰি সৰ্বাধিক হাৰত সুতৰ টকা লোৱাৰ বাবেই বৰাহীবাৰীত মহিলা সকলে সজাগতা সভা অনুষ্ঠিত কৰি মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সভাত মাইক্ৰফাইনেন্স কোম্পানীসমূহে সুতৰ হাৰ হ্ৰাস নকৰালৈকে কিস্তি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদী মহিলাসকলে ৷

আমগুৰিত মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details