অসম

assam

ETV Bharat / state

মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ - Sivsagar DC Office

মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে শিৱসাগৰত সাব্যস্ত প্ৰতিবাদ ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে ৷

Protest against Micro finance company in sivsagar assam etv bharat news
মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Nov 11, 2020, 5:33 PM IST

শিৱসাগৰ,11 নৱেম্বৰ:শিৱসাগৰত মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে একাধিক দল-সংগঠনে ৷ কৃষক-শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি, টাই যুৱ ছাত্ৰ পৰিষদ, নাৰী সুৰক্ষা সংগ্ৰাম সমিতি, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ইত্যাদিকে ধৰি বহুকেইটা সংগঠনৰ উদ্যোগত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈ উঠা মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহে অসমৰ গাওঁ, চাহ বাগিচা, বস্তি অঞ্চলৰ লগতে নগৰৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মাজত একাধিক ক্ষুদ্ৰ ঋণ জাপি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰা ৰাইজে সাপ্তাহিক, পষেকীয়া আৰু মাহেকীয়া সুদ পৰিশোধ কৰিব নোৱাৰাত মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহে ৰাইজক হাৰাশাস্তি কৰি আহিছে ৷ কোম্পানীসমূহৰ এনে কাৰ্যত হতাশ আৰু অতিষ্ঠ হৈ পৰিছে ঋণ গ্ৰহণ কৰা লোকসকল ৷ সেয়ে ঋণ গ্ৰহণ কৰা লোকসকলে ন্যায় প্ৰদানৰ দাবীত বুধবাৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ঋণ ৰেহাই, যথোপযুক্ত চৰকাৰী সিদ্ধান্ত নোহোৱালৈকে ঋণ বিচাৰি কৰা হাৰাশাস্তি বন্ধ কৰা, লক ডাউনত জুৰুলা হোৱা আৰ্থিকভাৱে দুৰ্বল লোকসকলক 10,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, অৰুণোদয় আঁচনিত সংঘটিত অনিয়ম বন্ধ কৰা আদি বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত এন এছ ইউ আইৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details