উজনি অসম সমষ্টি সুৰক্ষা সমিতি শিৱসাগৰ,২৫ জুন:সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ শিৱসাগৰ নগৰত দেওবাৰে ৰূপায়ণ কৰা এক প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ গৈ পুৰুষ আৰক্ষীয়ে প্ৰতিবাদী মহিলাৰ গাত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ ভিন ভিন দল -সংগঠনৰ দুই শতাধিক লোকে আজি নগৰৰ দ'লমুখ চাৰিআলিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা দাহ কাৰ্যসূচী হাতত লয় ।
এই প্ৰতিবাদ প্ৰতিৰোধৰ বাবে শিৱসাগৰ আৰক্ষীয়ে এক ব্যাপক সুৰক্ষা বেষ্টনী গঢ়ি তোলে । মোতায়ন কৰে শতাধিক আৰক্ষী । এনে পৰিস্থিতিৰ মাজত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সম্পন্ন হয় যদিও খচৰা দাহ কৰাৰ সময়ত আৰক্ষীয়ে উগ্ৰমূৰ্তি ধৰি খচৰাৰ প্ৰতিলিপি দাহ কৰাত বাধা আৰোপ কৰে । তেতিয়াই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক খণ্ডযুদ্ধৰ সৃষ্টি হয় । পুৰুষ আৰক্ষীয়ে প্ৰতিবাদী মহিলাৰ চাদৰ টানি নিয়াৰ অভিযোগ উত্থাপিত হৈছে ।
উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে উক্ত খচৰা বাতিল নকৰিলে শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ সমগ্ৰ অসমত আৰম্ভ কৰাৰ হুংকাৰ দিয়ে । প্ৰতিবাদকাৰীসকলে কয় যে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ এইখন চৰকাৰে খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰি বংগমূলীয় মুছলমান আৰু অনা অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰিছে । অসমীয়া মুছলমান সকলক অসমীয়া সমাজৰ পৰা আঁতৰাই নি একাংশ অসম বিৰোধীৰ সহায়ত বিজেপি চৰকাৰে অনাগত দিনত অসমত স্বেচ্ছাচাৰী শাসন চলোৱাৰ পৰিকল্পনা কৰিছে । সেয়েহে কোনো কাৰণত অসমীয়াই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা মানি নলয় বুলি সকিয়াই দিয়ে ।
উল্লেখ্য় যে যোৱা ২০ জুনত ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰে ৷ তিনিটাকৈ লোকসভা সমষ্টিৰ নাম সলনি হোৱাৰ প্ৰস্তাৱৰ পিচতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা প্ৰস্তাৱিত খচৰাক লৈ ৰাজ্য়ৰ আন ঠাইৰ লগতে সৰৱ হৈছে শিৱসাগৰৰ কেইবাটাও দল-সংগঠন ৷
লগতে পঢ়ক:New Constituency in Dibrugarh : সমষ্টি বিলুপ্তিকৰণক লৈ ক্ষোভ প্ৰকাশ মটক যুৱ ছাত্র পৰিষদ আৰু ৰাইজৰ দলৰ