শিৱসাগৰ, ১২ জানুৱাৰী :সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য (protest against constituency delimitation) । এইবাৰ শিৱসাগৰত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ব্যাপক প্ৰতিবাদ (protest in Sivasagar against delimitation) । ঐতিহাসিক শিৱ দ'লৰ সমুখত বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ লগতে ৰাজনৈতিক দলে অৱস্থান ধৰ্মঘট সাব্যস্ত কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত বিজেপি দলক নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে ।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (congress protest against delimitation) , ৰাইজৰ দলৰ উপ-সভাপতি ৰঞ্জিত তামুলী (Raijor Dal protest against delimitation), অসম জাতীয় পৰিষদৰ নেতাৰ লগতে উজনি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতৃত্বই অংশ লোৱা প্ৰতিবাদী কাৰ্যসূচীত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনায় (AJP protest against constituency delimitation) । উজনি অসম সমষ্টি সুৰক্ষা আহ্বায়ক সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী মহলে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এই প্ৰক্ৰিয়া বাতিল কৰিবলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে (memorandum to chief election commissioner) ।
উক্ত স্মাৰক-পত্ৰত উল্লেখ কৰি কয় যে ২০২৬ চনত সমগ্ৰ ভাৰতত নতুন লোকপিয়লৰ ভিত্তিত এক সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে । তেনে স্থলত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ এক অবান্তৰ বিষয় । অসমত এখন শুদ্ধ এনআৰচিৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই । এই কাম সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ এক অযুক্তিকৰ বিষয় বুলি স্মাৰক-পত্ৰত উল্লেখ কৰে । ইয়াৰ উপৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰক্ৰিয়া চলি আছে ।
ইয়াৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণে উক্ত জনগোষ্ঠীৰ লোকসকলৰ অধিকাৰত বাধা প্ৰদান কৰিব বুলিও উনুকিয়াই দিয়ে । সেইদৰে উজনি অসম হৈছে অসমৰ বহু ভূমিপুত্ৰ জাতি-জনগোষ্ঠীৰ বাসস্থান । এইদৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি এই লোকসকলৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব বিচৰা হৈছে ।