অসম

assam

ETV Bharat / state

CAA বাতিলৰ দাবীৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ - শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা

বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই ৷ এই আইন বাতিল নোহোৱা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ কৰি যাব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

শিৱসাগৰত প্ৰতিবাদ
শিৱসাগৰত প্ৰতিবাদ

By

Published : Jul 30, 2020, 4:21 PM IST

শিৱসাগৰ, 30 জুলাই: বৰ্তমানেও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াত প্ৰতিবাদকাৰী সকলে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৷

CAA বাতিলৰ দাবীৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ

এই আইনক জাতিধ্বংসী,খিলঞ্জীয়া বিৰোধী আৰু অসাংবিধানিক আখ্যা দি প্ৰতিবাদকাৰী সকলে এই আইন কেতিয়াও কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে চৰকাৰক ৷ এই আইন বাতিল নোহোৱা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ শাসনত অহাৰ পূৰ্বে বিজেপি চৰকাৰে অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি কৈছিল,খিলঞ্জীয়াৰ লগতে সকলোকে সাংবিধানিক ৰক্ষা কবচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু গাদীৰ লোভত এতিয়া শাসনাধীন চৰকাৰে নিজৰ জাতি,মাটি,ভেটি বিক্ৰী কৰাৰ উপক্ৰম হৈছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:শিমলুগুৰিত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল

ABOUT THE AUTHOR

...view details