শিৱসাগৰ,13 ডিচেম্বৰঃ পঞ্চম দিনাও শিৱসাগৰত অব্যাহত আছে নাগৰিকত্ব আইনৰ প্ৰতিবাদ ৷ আইনত পৰিণত হোৱাৰ পাছত স্বতঃস্ফূৰ্তভাৱে শুকুৰবাৰে পালন হৈছে প্ৰতিবাদী কাৰ্যসূচী। ৰাজপথত নামি পৰিছে অজস্ৰ পুৰুষ-মহিলা ৷ শিৱসাগৰৰ দ'লমুখ চাৰিআলিত শিৱসাগৰ সাংবাদিক সমাজ আৰু জেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। বিভিন্ন দল-সংগঠনৰ উপস্থিতিত বৃহৎ সংখ্যক ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি একে মুখে এই আইনৰ বিৰোধিতা কৰে। লগতে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাইও সজোৰে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে আৰু জনসাধাৰণক প্ৰতিবাদৰ মাজত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ অনুৰোধ কৰে ৷
নাগৰিকত্ব সংশোধনী আইনক লৈ পঞ্চম দিনাও উত্তাল শিৱসাগৰ - উত্তাল শিৱসাগৰ
ধাৰাবাহিকভাৱে পঞ্চম দিনাও শিৱসাগৰত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ । বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত স্বতঃস্ফূৰ্তভাৱে শুকুৰবাৰে পালন হৈছে প্ৰতিবাদী কাৰ্যসূচী ।
![নাগৰিকত্ব সংশোধনী আইনক লৈ পঞ্চম দিনাও উত্তাল শিৱসাগৰ protest against CAA at Sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5363079-thumbnail-3x2-a.jpg)
উত্তাল শিৱসাগৰ
উত্তাল শিৱসাগৰ
ইফালে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হোৱাৰ লগতে ইন্ধন বিপনন প্ৰতিষ্ঠান সমূহ বন্ধ থকাৰ বাবে সৃষ্টি হৈছে ইন্ধন নাটনিৰ।একাংশ প্ৰতিবাদকাৰীয়ে নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত অগপ-বিজেপি দলৰ সমৰ্থকক সামগ্ৰী বিক্ৰী নকৰাৰ ফলক পৰ্যন্ত আঁৰি দিয়ে ।
লগতে পঢ়কঃহিটলাৰৰ ৰূপ লৈ অমিত শ্বাহে অসমীয়াৰ ওপৰত শোষণ চলাইছে: তৰুণ গগৈ