অসম

assam

ETV Bharat / state

লক ডাউনত ক্ষতিগ্ৰস্ত ব্যক্তিগত পৰিবহণ খণ্ড - private bus operators facing loss

লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ব্যক্তিগত পৰিবহন খণ্ড ৷ যিয়ে সংকটৰ সৃষ্টি কৰিছে এই খণ্ডৰ জড়িত শহস্ৰাধিক লোকৰ পৰিয়লত ৷

private bus operators facing loss due to lock down
private bus operators facing loss due to lock down

By

Published : Jun 29, 2020, 8:20 PM IST

শিৱসাগৰ, 29 জুনঃ অনাটনত সন্মুখীন ৰাজ্যৰ ব্যক্তিগত পৰিবহণ খণ্ড ৷ লক ডাউনে জুৰুলা কৰিছে ইয়াৰ লগত জড়িত শহস্ৰাধিক লোকক ৷ কেৱল মালিকৰেই নহয়, বাহনৰ সৈতে জড়িত চালক, হেণ্ডিমেন, কণ্ডাক্টৰ আদি বহু লোকৰে পৰিয়ালৰ ভৰণ-পোষন নিহিত এই বাহন কেইখনৰ সৈতে ৷ কিন্তু স্বাভাৱিক জনজীৱন স্তব্ধ কৰা লক ডাউনৰ ফলত এতিয়া উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে এই খণ্ডৰ জড়িত বহু লোকৰ ৷ লক ডাউনত বাহন চলাচল বন্ধ হৈ পৰাৰ পিচতে চালক-কণ্ডাক্টৰ সকলে কোনৱে যদি শাক-পাচলি বিক্ৰী কৰি, আন কোনোৱে আকৌ লোকৰ ঘৰত হাজিৰা কৰি কোনোমতে চলাইছে জীৱন সংগ্ৰাম ৷

লক ডাউনত ভাৰাক্ৰান্ত ব্যক্তিগত পৰিবহণ খণ্ড

আনফালে গাড়ীৰ স্বত্বাধিকাৰীসকলো সম্প্ৰতি ভুগিছে আৰ্থিক অনাটনত ৷ কিয়নো সম্প্ৰতি তেওঁলোকে সম্পূৰ্ণভাৱে নিজৰ জেপৰ টকাৰে পাৰিশ্ৰমিক প্ৰদান কৰি থাকিবলগীয়া হৈছে তেওঁলোকৰ বাহনৰ সৈতে জড়িত প্ৰায় 3 গৰাকীকৈ কৰ্মচাৰীক ৷ তেওঁলোকৰ এফালে যদি আছে ঋণৰ বোজা আনফালে কোম্পানীৰ হেঁচা ৷ সকলো দিশৰ পৰাই জুৰুলা হৈছে স্বত্বাধিকাৰী সকলো ৷ কিয়নো পৰিস্থিতি এতিয়া আগৰ দৰে ভাল নহয় ৷ উপায়ন্তৰ লোকে এতিয়া ক্ষণ গণিছে ভাল দিন ঘূৰি অহাৰ ৷ বিচাৰিছে চৰকাৰৰো কিছু সহাৰি ৷

লগতে পঢ়কঃকঠোৰ নীতি-নিয়মেৰে গুৱাহাটীত আৰম্ভ সম্পূৰ্ণ লক্ ডাউন

ABOUT THE AUTHOR

...view details