অসম

assam

ETV Bharat / state

শিৱসাগৰত আদালতৰ পৰাই ভলুকা চোৰৰ পলায়ন

উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা কয়দীৰ পলায়ন । শিৱসাগৰৰ মহকুমা ন্যায়ালিক দণ্ডাধীশৰ আদালত সংঘটিত হ’ল এই ঘটনা (Prisoner escaped in Sivasagar)৷

শিৱসাগৰত আদালতৰ পৰাই পলায়ন কৰিলে ভলুকা চোৰ
শিৱসাগৰত আদালতৰ পৰাই পলায়ন কৰিলে ভলুকা চোৰ

By

Published : Sep 7, 2022, 6:43 PM IST

শিৱসাগৰ, 7 ছেপ্টেম্বৰ: শিৱসাগৰ নগৰৰ উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা কয়দীৰ পলায়ন । শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত(Sivasagar DC office)থকা মহকুমা ন্যায়ালিক দণ্ডাধীশৰ আদালতৰ(Sivasagar Sub Divisional Judicial Magistrate Court) পৰা ৰাজু দুৱৰা ওৰফে ভলুকা নামৰ এটা গভাইত চোৰৰ পলায়ন (Prisoner escaped in Sivasagar)।

বহু কেইটা চুৰিকাণ্ডৰ লগত জড়িত ভলুকাক কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । গোচৰ সন্দৰ্ভত আজি আদালতত হাজিৰ কৰোৱাৰ সময়তে আদালতৰ লকাপৰ পৰা কৌশলেৰে পলায়ন কৰে দুধৰ্ষ চোৰ ৰাজু দুৱৰা ওৰফে ভলুকাই । পলায়ন কৰা চোৰটোৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক:লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননী

ABOUT THE AUTHOR

...view details