অসম

assam

ETV Bharat / state

শিৱসাগৰত প্ৰাথমিক শিক্ষকৰ সংবাদ মেল - শিক্ষক

অবিভক্ত শিৱসাগৰ জিলাৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সংবাদ মেল ৷ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আয়োজন কৰা হয় এই সংবাদমেলৰ ৷

Primary teachers press meet
শিৱসাগৰত প্ৰাথমিক শিক্ষকৰ সংবাদ মেল

By

Published : Oct 9, 2021, 4:47 PM IST

শিৱসাগৰ, 9 অক্টোবৰ : শনিবাৰে অবিভক্ত শিৱসাগৰ জিলাৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলে শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাৱত আয়োজন কৰে এক সংবাদ মেল । বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ বিভিন্ন সমস্যাৰ শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰে শিক্ষক মহলে । বেতন বঞ্চিত প্ৰাৰ্থমিক শিক্ষকসকলে সংবাদ মেলত উল্লেখ কৰা অনুসৰি, অবিভক্ত শিৱসাগৰ জিলাৰ ৫৩ গৰাকী বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে ‘শিক্ষক’ৰ পৰিৱৰ্তে দুর্ভাগ্যজনক ভাৱে ‘টিউটৰ' হিচাবে নিযুক্তি পত্ৰ গ্ৰহণ কৰিব লগা হৈছে ।

যাৰ ফলত এই সকল শিক্ষকে বর্তমানেও দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে । আনকি, চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰৈ যোৱা আসোঁৱাহৰ বাবে জিলা খনৰ ৪৪(44) গৰাকী যোগ্যতা সম্পন্ন শিক্ষকে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে । চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত আয়ুক্ত পর্যায়ৰ তদন্তৰ সময়ত (আৰ. টি. আই তথ্য) বুনিয়াদী প্ৰশিক্ষণ নথকা বুলি প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ থকাৰ পাচতো ডিমৌ শিক্ষা খণ্ডৰ অন্তৰ্গত জনৈক আহমেদ নামৰ এগৰাকী শিক্ষকে লাভ কৰিলে নিযুক্তি ৷

শিৱসাগৰত প্ৰাথমিক শিক্ষকৰ সংবাদ মেল

আনকি বর্তমানেও জনৈক আহমেদ নামৰ শিক্ষক গৰাকীয়ে লাভ কৰি আছে চৰকাৰী দৰমহা ৷ এই অভিযোগ উত্থাপন কৰে শিৱসাগৰ জিলাৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলে ৷ আনকি শিৱসাগৰ জিলাৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ দাবী, এই সন্দৰ্ভত উচিত তদন্ত কৰক বিভাগীয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক :অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক

আনহাতে, নিযুক্তিৰ বিষয়ত সৰৱ হৈ পৰি ক্ষোভিত শিক্ষক সকলে কয় যে, নিযুক্তি প্ৰদান প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহ সমূহ দূৰ কৰিবৰ বাবে চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীতে শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি প্ৰাৰ্থমিক শিক্ষা সঞ্চালকলৈ তথ্য সহকাৰে এক প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰেৰণ কৰিছিল ।

তাৰোপৰি চলিত বৰ্ষৰ ৩০ জানুৱাৰীত গুৱাহাটী খানাপাৰৰ নিযুক্তি বিতৰণ অনুষ্ঠানত সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বর্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনলাইন পৰ্টেল প্ৰস্তুত কৰি ৪৫ টা দিনৰ ভিতৰতে এনে বিসংগতি সমূহ নিষ্পত্তি হোৱাৰ এক প্ৰতিশ্ৰুতি প্ৰদানো কৰিছিল । কিন্তু পৰিতাপৰ বিষয় যে, বৰ্তমান ৯ মাহ অতিক্ৰম কৰিলে যদিও বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলৰ কোনো সমস্যাৰে সমাধানহে নহ’ল ।

আনকি সমগ্ৰ বিষয় সমূহ তথ্য সহকাৰে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ বাবে কেইবাবাৰো চেষ্টা চলাইছিল যদিও সাক্ষাৎ কৰিবলৈহে সক্ষম হোৱা নাই বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলে ৷ সেয়ে এই সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীক তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীক আহবান জনাই বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলে ।

লগতে পঢ়ক :অসম বিধানসভাৰ উপ নিৰ্বাচন: পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details