অসম

assam

ETV Bharat / state

ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতি ৰাজ্যপাললৈ আৱেদন বেতন বঞ্চিত শিক্ষকৰ - ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতি ৰাজ্যপাললৈ আৱেদন শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকৰ

বিগত ৬ জানুৱাৰীত শিক্ষক সন্থাই শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি 20 জানুৱাৰীৰ ভিতৰত স্পষ্টকৈ জনাবৰ বাবে আহ্বান জনাইছিল ৷ কিন্তু বৰ্তমানলৈকে শিক্ষক সমাজলৈ কোনো ধৰণৰ সঁহাৰি জনোৱা নাই শাসনাধীন চৰকাৰখনে ৷ সেয়েহে সুদীৰ্ঘ দিন বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকল ক্ষুন্ন হৈ মঙলবাৰে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ইচ্ছা মৃত্যুৰ আৱেদন ৷

primary teachers from Sivsagar asking for death wish to President
ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতি ৰাজ্যপাললৈ আৱেদন বেতন বঞ্চিত শিক্ষকৰ

By

Published : Jan 21, 2020, 5:56 PM IST

শিৱসাগৰ,21 জানুৱাৰীঃ ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাললৈ আবেদন শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকৰ ৷ ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো স্পষ্ট সিদ্ধান্ত নোলোৱাৰ বাবেই ইচ্ছা মৃত্যুৰ আবেদন কৰিছে শিক্ষক সমাজে ৷ উল্লেখ্য যে, বিগত ৬ জানুৱাৰীত শিক্ষক সন্থাই শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি 20 জানুৱাৰীৰ ভিতৰত স্পষ্টকৈ জনাবৰ বাবে আহ্বান জনাইছিল ৷ কিন্তু বৰ্তমানলৈকে শিক্ষক সমাজলৈ কোনো ধৰণৰ সঁহাৰি জনোৱা নাই শাসনাধীন চৰকাৰখনে ৷ সেয়েহে সুদীৰ্ঘ দিন ধৰি বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকল ক্ষুন্ন হৈ মঙলবাৰে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ইচ্ছা মৃত্যুৰ আবেদন ৷

ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতি ৰাজ্যপাললৈ আৱেদন বেতন বঞ্চিত শিক্ষকৰ

বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে শাসনত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰী নিয়মীয়াকৰণৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু বাৰে বাৰে চৰকাৰৰ প্ৰৱঞ্চনাৰ বলি হোৱা ৰাজ্যৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে মঙলবাৰে ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাললৈ ইচ্ছামৃত্যু বিচাৰি পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক-CAA সন্দৰ্ভত আমি নিজৰ স্থিতিত অটলঃ অমিত শ্বাহ

ABOUT THE AUTHOR

...view details