অসম

assam

ETV Bharat / state

ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি - নাগালেণ্ড আৰক্ষী

আলফাই প্ৰেছ বিবৃতি যোগে সদৰি কৰি জনাই যে, মোহিনি মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শকীয়াক সংযুক্ত মুক্তি বাহিনী অসমে নিজৰ জিম্মাত লোৱাৰ পিছতে ONGC য়ে, ভাৰতীয়ে সেনা বাহিনী আৰু অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে সন্মিলিত ভাবে অভিয়ান চলাই মুকলি কৰি নিবলৈ চেষ্টা চলোৱাৰ ফলত একাধিক বাৰ আলফা (স্বাধীন) আৰু সেনা বাহিনীৰ মাজত নিশা 10 বজাৰ পৰা 2.30 বজালৈ সংঘষৰ সূত্ৰপাত্ৰ হয় ৷ যাৰ ফলত আলফা (স্বাধীনে) অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াৰ জীৱনৰ চিন্তা কৰি নাগালেণ্ডৰ মন জিলাৰ টক’ক চিংখু নামৰ গাঁৱত সুস্থ শৰীৰে গাঁওবাসীৰ তত্বাবধানত থৈ নিজৰ গন্তব্যস্থানলৈ যোৱা বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰিছে ৷

ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি
ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি

By

Published : Apr 24, 2021, 6:22 PM IST

শিৱসাগৰ,24 এপ্ৰিলঃ শিৱসাগৰ লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক 20 এপ্ৰিলত বন্দুকধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা দুগৰাকী বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ অ’এনজিচিত কৰ্মৰত তিনিজন বিষয়াক কোনো অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰাৰ পাচতে অভিযান তীব্ৰতৰ কৰি তুলিছিল আৰক্ষীয়ে ৷

তাৰ মাজতে শনিবাৰে নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ হ'ল অপহৃত ONGC ৰ দুই বিষয়া ক্ৰমে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ ৷ কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আলফা (স্বাধীনে) এক প্ৰেছ বিবৃতি যোগে নিজৰ মতামত প্ৰকাশ কৰা দেখা গৈছে ৷ প্ৰেছ বিবৃতিটোত আলফাই উল্লেখ কৰিলে, মোহিনি মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শকীয়াক সংযুক্ত মুক্তি বাহিনী অসমে নিজৰ জিম্মাত লোৱাৰ পিছতে ONGC য়ে, ভাৰতীয়ে সেনা বাহিনী আৰু অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে সন্মিলিত ভাবে অভিয়ান চলাই মুকলি কৰি নিবলৈ চেষ্টা চলোৱাৰ ফলত একাধিক বাৰ আলফা (স্বাধীন) আৰু সেনা বাহিনীৰ মাজত নিশা 10 বজাৰ পৰা 2.30 বজালৈ সংঘষৰ সূত্ৰপাত্ৰ হয় ৷ যাৰ ফলত আলফা (স্বাধীনে) অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াৰ জীৱনৰ চিন্তা কৰি নাগালেণ্ডৰ মন জিলাৰ টক’ক চিংখু নামৰ গাঁৱত সুস্থ শৰীৰে গাঁওবাসীৰ তত্বাবধানত থৈ নিজৰ গন্তব্যস্থানলৈ যোৱা বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰিছে ৷

লগতে আলফা (স্বাধীনে)উল্লেখ কৰিছে , আমি সংবাদ মাধ্যমত দেখিহে অৱগত হৈছো যে, মোহিনি মোহন গগৈ, অলকেশ শইকীয়াক সেনা বাহিনী আৰু নাগালেণ্ড আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ কিন্তু ৰিতুল শইকীয়াৰ কোনো তথ্য সেনা বাহিনীয়ে প্ৰকাশ কৰা নাই বুলি আলফাই প্ৰেছ বিবৃতি উল্লেখ কৰিছে ৷ লগতে আলফাই সন্দেহ প্ৰকাশ কৰিছে যে, ভাৰতীয় সেনাৰ গুলিত হয়তো ৰিতুল শইকীয়া মৃত্যু মুখত পৰিছে অথবা সেনা-আৰক্ষীয়ে উদ্দেশ্যপ্ৰোণোদিত ভাবে লুকুৱাই ৰাখিছে ৷

ইফালে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আলফা (স্বাধীনে)য়ে ONGC কৰ্তৃপক্ষক জগৰীয়া কৰাৰ লগতে অনাগত দিনত ভয়ংকৰ পৰিণাম ভুগিবলৈ সাজু থাকব বুলি প্ৰেছ বিবৃতিটোৰ জৰিয়তে প্ৰদান কৰিলে সকিয়নি ৷

লগতে পঢ়কঃ ক'ভিড আক্ৰান্ত হোমেন বৰগোহাঞিঃ জিএমচিএইচত ভৰ্তি

ABOUT THE AUTHOR

...view details