থাওৰা, 27 অক্টোবৰ :থাওৰাৰ ডিমৌৰ ৰাজীৱ ভৱনত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ দলক তীব্ৰ সমালোচনা কৰে ৷ দেৱব্ৰত শইকীয়াই কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘন কৰি নিৰ্বাচনী আয়োগৰ ওচৰত ক্ষমা খুজিলে । বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে সেয়েহে হিমন্ত বিশ্ব শৰ্মাই প্ৰলোভনেৰে উন্নয়নৰ ৰাজনীতি কৰিছে ।
নিৰ্বাচন আয়োগৰ পৰা তথ্য পোৱা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ চম্ভালি কথা ক'বলৈ নিৰ্দেশ দিছে । নিৰ্বাচনৰ প্ৰচাৰ কালত বিভিন্ন চৰকাৰী আঁচনি প্ৰলোভন দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পাঁচ মাহৰ আগত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়াও নিৰ্বাচন আয়োগৰ বিধি উলংঘাৰ অভিযোগ উত্থাপন হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ তেতিয়াও হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক কৰি দিছিল নিৰ্বাচন আয়োগে ৷