শিৱসাগৰ, ১৮ অক্টোবৰ :শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ'ব ২৯০ বছৰীয়া দুৰ্গা পূজা । শিৱসাগৰ দ'ল উন্নয়ন পৰিষদৰ উদ্যোগত ঐতিহাসিক দেৱী দ'লত এইবাৰ আয়োজন কৰা পূজা সন্দৰ্ভত আজি দ'ল উন্নয়ন পৰিষদৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত দ'ল উন্নয়ন সমিতিৰ সভাপতি বসন্ত গগৈয়ে দেৱী দ'লত দেৱী দুৰ্গাৰ স্থায়ী মূৰ্তিৰ কাষতেই দেৱীৰ মৃণ্ময় মূৰ্তিস্থাপন কৰা হ'ব বুলি উল্লেখ কৰি শিৱসাগৰৰ আন আন স্থানৰ দুৰ্গা পূজা মণ্ডপত মৃণ্ময় প্ৰতিমা স্থাপনৰ পূৰ্বেই দেৱী দ'লত মৃণ্ময় প্ৰতিমা স্থাপন কৰা হ'ব বুলি কয় ।
আজিৰ সংবাদ মেলত এই অনুষ্ঠান দ'লৰ বাহিৰত আড়ম্বৰপূৰ্ণ ভাৱে সম্পন্ন কৰা হ'ব বুলি কৰ্তৃপক্ষই সদৰী কৰে । ইফালে, দৌল চৌহদৰ ভিতৰত এক আধ্যাত্মিক পৰিৱেশৰ মাজত আয়োজিত দেৱী দলৰ ২৯০ বছৰীয়া ৰাজ্য খনৰ ভিতৰৰে অন্যতম পুৰণি পূজাক লৈ এইবাৰ শিৱ দ'ল উন্নয়ন সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ধৰ্মপ্ৰাণ ৰাইজৰ বিশেষ আকৰ্ষণ থকা পূজাত সকলো ৰাইজৰ সুবিধাৰ্থে দ'লৰ সন্মুখত মণ্ডপ-মঞ্চ নিৰ্মাণেৰে নেগেৰা প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি দ'ল উন্নয়ন সমিতিৰ সভাপত বসন্ত গগৈ ।
দ'ল উন্নয়ন সমিতিৰ সভাপতি বসন্ত গগৈয়ে কয় যে দেৱী দলৰ পূজা ভাগৰ মাহাত্ম্য অনুসৰি আন পূজা মণ্ডপৰ প্ৰতিমা সমূহ দশমীৰ দিনা বিসৰ্জন দিয়াৰ পূৰ্বে দেৱী দ'লৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পুৰণি পৰম্পৰা আজিও অব্যাহত আছে । স্মৰ্তব্য যে বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনতেই সুদুৰ কনৌজৰ শাক্ত ধৰ্মৰ নীতি সমূহ পালনৰ বাবে আহিছিল প্ৰখ্যাত বৰঠাকুৰ পৰিয়ালৰ উপৰিপুৰুষ সকলে । এই পৰিয়ালৰ লোকসকলে দ'লত যুগ যুগ ধৰি পূজা অৰ্চনা কৰি আহিছে । তেওঁলোকৰে পৰিয়ালৰ এটা ফৈদে পূজাৰ বাবে ভক্ত সকলে আগবঢ়োৱা 'বলি'ৰ দায়িত্ব গ্ৰহণ কৰা বাবে 'বলিকটিয়া' নামেৰেও বিখ্যাত হৈ পৰিছিল ।