আমগুৰি, ১২ জানুৱাৰী: উৰুকালৈ মাজত মাথো এটা দিন (Bhogali Bihu preparation in Assam) ৷ সেয়েহে ৰাজ্যত ভোগালীক আদৰাৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি ৷ সকলোৱে ভোগালী বিহুটিক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ৷ চেনেহৰ ভোগালী বিহুটি উদযাপনৰ কাৰণে সাজু হৈ উঠিছে প্ৰত্যেকগৰাকী অসমীয়া । কোনোৱে যদি পিঠা প্ৰস্তুত কৰিছে, আন কোনোবাই আকৌ ভেলাঘৰ নিৰ্মাণত ব্য়স্ত। ভোগালীৰ প্ৰাকক্ষণত গাঁৱৰ আখলৰ পৰা ঢেকীশাললৈকে জীয়াৰী-বোৱাৰীৰ অন্তহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে । সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখি অসমীয়াই উদযাপন কৰিব ভোগালী বিহু । সোণোৱালী সোণগুটি ভঁৰালত সোমোৱাই চহা কৃষকে তৃপ্তিৰ হাঁহিৰে পুহ মাহৰ অন্তত সাজু হৈছে ভোগালীক আদৰিবলৈ । অন্তহীন ব্যস্ততা এইসময়ত কৃষিজীৱি চহা লোকসকলৰ ।
দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকা ঢেঁকীশাল প্ৰাণ পাই উঠিছে আমগুৰিৰ জালুকগাঁৱত (Bhogali Bihu preparation in Amguri)। কোনো এগৰাকীয়ে যদি পিঠাৰ খোলা পাতিছে, আন কোনোৱে আকৌ ব্যস্ত হৈছে ঢেঁকী দিয়া অথবা নাৰিকল ৰুকাত । এনে উথপথপ পৰিৱেশৰ মাজতে সকলোৱে এফাকি বিহুগীতো গাইছে । তেওঁলোকে ভোগালীৰ এই ব্যস্ততাৰ উখলমাখল পৰিৱেশত হাতত ঢোল লৈ চুবুৰীৰ ডেকা স'তেও সংগ দিছে । অসমীয়া গাঁৱলীয়া সমাজখনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰা ঢেঁকীশালে প্ৰাণ উঠাত গাওঁখনত স়ষ্টি হৈছে অন্য় এক পৰিৱেশৰ । চুবুৰীৰ সকলো জীয়াৰী-বোৱাৰী একগোট হৈ ব্যস্ত হৈ পৰিছে ঢেঁকীশাল আৰু আখলত । গাওঁখনৰ সকলোৱে একেলগে ঢেঁকীশালত সমবেত হোৱাটো এক পৰম্পৰা বুলি তেওঁলোকে মন্তব্য় কৰিছে । উল্লেখ্য় যে ঢেঁকী হৈছে চাউল, মচলা আদি গুৰি কৰিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ আহিলা ।