শিৱসাগৰ,26নৱেম্বৰ : শিৱসাগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ ভুল চিকিৎসাৰ বলি হৈ কৰুণ মৃত্যুক সাৱতি ল'বলগীয়া হৈছে এগৰাকী ন-মহীয়া অন্ত:সত্বাই ৷মৃত মহিলাগৰাকীৰ নাম দীপজ্যোতি গগৈ ৷ শিৱসাগৰ জিলাৰ ইষ্ট পইন্ট হাস্পতালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ চিকিৎসক ডা: দিলিপ গগৈয়ে ভুল চিকিৎসা কৰাৰ অভিযোগ মৃত মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ ৷
উল্লেখ্য যে, শিৱসাগৰৰ বেলিমুখীয়া মাউৎ গাঁৱৰ দীপজ্যোতি গগৈ তিনিমাহৰ গৰ্ভৱতী হোৱাৰ সময়ৰ পৰাই চিকিৎসক ডা: দিলিপ গগৈৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি আহিছিল ৷ কিন্তু ২৫ নৱেম্বৰৰ সন্ধিয়া ৭ বজাত অন্ত:সত্বা মহিলা গৰাকী শাৰিৰীক ভাৱে অসুস্থ হৈ পৰে ৷ ইয়াৰ পাছতেই চিকিৎসক ডা: দিলিপ গগৈৰ পৰামৰ্শ লৈ মহিলাগৰাকীক ভৰ্তি কৰা হয় হাস্পতালত ৷ ইষ্ট পইন্ট হাস্পতালত ডা: গগৈয়ে মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি উচ্চ ৰক্তচাপত ভোগাৰ কথা পৰিয়ালক জানিবলৈ দি CORT- S 100 mg নামৰ এটা বেজী দিয়ে ৷ কিন্তু বেজী দিয়াৰ পাছতেই মহিলা গৰাকীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু অচেতন হৈ পৰে ৷ এই ঘটনাৰ পাছতেই হাস্পতালখনত হাহাকাৰৰ সৃষ্টি হয় আৰু মহিলাগৰাকীৰ স্বামীয়ে শিৱসাগৰ জিলাৰে প্ৰগতি হাস্পতাললৈ লৈ আহে ৷ কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বতেই মহিলাগৰাকীৰ মৃত্যু হয় ৷