শিৱসাগৰ,5 আগষ্টঃ ক'ভিড-১৯ ভয়াৱহতাৰ সময়ত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে নিজৰ কর্ম সম্পাদনা কৰি অহা প্রশাসনৰ বিষয়া সকলকলৈ একোটাকৈ পিপিই কিট আগবঢ়াইছে লাইন্স ক্লাৱ শিৱসাগৰে। লাইন্স ক্লাৱ ইন্টাৰনেচনেল ডিচট্রিক 322D অন্তর্গত অসম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত প্রায় এঘাৰ শ পিপিই কিট বিতৰণ কৰিছে।
শিৱসাগৰ জিলা প্ৰশাসনক লায়ন্স ক্লাৱৰ উদ্যোগত পিপিই কিট বিতৰণ - প্রশাসনৰ বিষয়া সকলকলৈ একোটাকৈ পিপিই কিট আগবঢ়াইছে
লাইন্স ক্লাৱ ইন্টাৰনেচনেলৰ সৌজন্যত আৰু লাইন্স ক্লাৱ শিৱসাগৰৰ সহযোগত শিৱসাগৰ জিলা প্রশাসনক পিপিই কিট বিতৰণ ৷

বুধবাৰে শিৱসাগৰ জিলা লাইন্স ক্লাৱৰ সহযোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত লাইন্স ক্লাৱৰ গৱর্ণৰ ডাক্তৰ দিলীপ বৰাই উন্নত মানদণ্ডৰ ৩০ টা পিপিই কিট বিতৰণ কৰি প্রশাসনৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ কর্পস্পৃহা, দায়িত্ব আৰু কর্তব্যৰ প্রসংশা কৰে। উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত তথা লাইন্স ক্লাৱৰ সদস্য সকল উপস্থিত থাকে। ইপিনে এই পিপিই কিট সমূহৰ পৰা ক'ভিড যোদ্ধা সকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰিছে চিকিৎসক আৰু প্ৰশাসনিক বিষয়া সকলে।
লগতে পঢ়কঃবন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ