শিৱসাগৰ, 8 আগষ্ট :সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰ ৷ বিজেপি চৰকাৰে গ্ৰহণ কৰা বিদ্যুৎ সংশোধনী বিধেয়ক 2022 বাতিলৰ দাবীত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ শিৱসাগৰ সংমণ্ডলত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সন্থাই ৰূপায়ন কৰে এক ধৰ্মঘট কাৰ্যসূচীৰ (Electricity Employees Association protest in Sivsagar) ৷
প্ৰতিবাদী ‘‘Coordination committee of electricity employees engineers and pensioners association’’ শিৱসাগৰ মণ্ডল, ‘‘Assam state Power workers union’’ গড়গাঁও শাখা আৰু মৰাণ শাখাৰ লগতে বিভিন্ন বিদ্যুৎ কৰ্মচাৰী সন্থাই ৰূপায়ন কৰে এই ধৰ্মঘট কাৰ্যসূচী ৷ বিদ্যুৎ সংশোধনী বিধেয়ক 2022-ৰ (Electricity Amendment Bill 2022) জৰিয়তে বিজেপি চৰকাৰে সাধাৰণ খাটি খোৱা মানুহক জুৰুলা কৰিবৰ বাবে এনে বিধেয়ক উত্থাপন কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰতিবাদকাৰী বিদ্যুৎ কৰ্মচাৰীসকলে ৷
আনকি বিদ্যুৎ সংশোধনী বিধেয়ক 2022 ৰ জৰিয়তে চৰকাৰে বিদ্যুৎ বিভাগ ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলিও চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷