নাজিৰা, 19 জুলাই : এগৰাকী ব্যতিক্ৰমী চিকিৎসক ৷ এইগৰাকী চিকিৎসকৰ নাই কোনো নিৰ্ধাৰিত মাচুল ৷ প্ৰয়োজনত দৰিদ্ৰজনক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই এইগৰাকী দৰদী চিকিৎসকে ৷ নাজিৰাৰ প্ৰত্যেকগৰাকী লোকৰ বাবে চিনাকী এই নাম ৷
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী চিকিৎসকে ৷ যোৱা 16 জুলাইত নাজিৰাবাসীক কন্দুৱাই চেন্নাইৰ এপল' চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই ইহলীলা সম্বৰণ কৰে জনপ্ৰিয় চিকিৎসক ডাঃ বিপুল হাতীকাকতিয়ে (Dr Bipul Hatikakai passes away at Chennai) ৷
1978 চনতে মেডিকেল শিক্ষা সাং কৰি নাজিৰা নগৰত ব্যক্তিগত চেম্বাৰত চিকিৎসা সেৱা আৰম্ভ কৰিছিল চিকিৎসকগৰাকীয়ে ৷ বিগত ৪৪ বছৰে নাজিৰাৰ প্ৰতিজন নাগৰিকৰ বাবে এক চিনাকী নাম হৈ পৰা মানৱদৰদী চিকিৎসকজনৰ আছিল এক সুকীয়া পৰিচয় ৷ বিগত 44 বছৰীয়া কৰ্মজীৱনত তেঁও কোনোদিনে চিকিৎসাৰ বাবে নিৰ্ধাৰণ কৰি নাপালে ৰোগীৰ মাচুল ৷ ইয়াৰোপৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আহিছিল ডাঃ হাতীকাকতিয়ে ৷