অসম

assam

ETV Bharat / state

শিৱসাগৰৰ নগৰত পথৰ জৰাজীৰ্ণ অৱস্থা

শিৱসাগৰ নগৰৰ কে.পি.চাৰিআলি হৈ মেলাচকৰ-ফুকন নগৰ সংযোগী পদ্মধৰ চলিহা পথৰ জৰাজীৰ্ণ অৱস্থা ৷ বিগত ন মাহে পথত খাল খান্দি অৰ্ন্তধান ঠিকাদাৰ প্ৰশান্ত গায়ন ৷ গড়কাপ্তানী বিভাগৰো চৰম অনীহা ৷

শিৱসাগৰৰ নগৰত পথৰ জৰাজীৰ্ণ অৱস্থা

By

Published : Aug 2, 2019, 3:46 PM IST

শিৱসাগৰ, 2 আগষ্টঃ শিৱসাগৰৰ নগৰৰ অন্যতম ব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থা| ন মাহে পথত খাল খান্দি অৰ্ন্তধান ঠিকাদাৰ| আনহাতে গড়কাপ্তানী বিভাগৰো চৰম অনীহা ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ এক অতি ব্যস্ত পথ। বিগত বছৰতে পথ নিৰ্মাণৰ কাম হাতত লৈ সম্পূৰ্ণ নকৰাকৈ এতিয়া পলাতক ঠিকাদাৰ। পথত খাল খান্দি যাতায়তৰ অনুপযোগী কৰি অৰ্দ্ধ নিৰ্মিত অৱস্থাত এৰি থৈছে ন মাহে।

শিৱসাগৰৰ নগৰত পথৰ জৰাজীৰ্ণ অৱস্থা
শিৱসাগৰ নগৰৰ মূল আৱাসীক অঞ্চলৰ লগতে বহু কেইখন বিদ্যালয়, কনিষ্ঠ বিদ্যালয় অৱস্থিত এই অঞ্চলত। দৈনিক হাজাৰ হাজাৰ লোকৰ যাতায়তৰ মূল সম্বল পদ্মধৰ চলিহা পথৰ অৱস্থা এতিয়া নিচেই শোচনীয়।বিগত বছৰৰ ডিচেম্বৰ মাহতে পথটোৰ নিৰ্মাণৰ বাবে ঠিকা লৈছিল প্ৰশান্ত গায়ন নামৰ এজন ঠিকাদাৰে। ১ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই পথৰ কাম হাতত লৈ ঠিকাদাৰ গায়নে জেচিবি লগাই পথটো বিগত বৰ্ষতেই খান্দে যদিও বিগত ন মাহে মূল পথচোৱা নিৰ্মাণ নকৰাকৈ পেলাই থয় ৷ ফলত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে।খাল খন্দা পথত পৰি বহু কেইজন বয়োজেষ্ঠ ব্যক্তিয়ে আঘাত পোৱাৰ লগতে পথৰ বেয়া অৱস্থাৰ বাবে ইতিমধ্যে সংঘটিত হৈছে বহু কেইটা দুৰ্ঘটনাও। বৰষুণৰ সময়ত পথটোত সৃষ্টি হোৱা যানজঁটৰ ফলত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিন্তু সমূহ বিষয়ৰ পৰা মূৰ পোলোকা মাৰিছে ৰাজ্যিক গড়কাপ্তানী পথ সংমণ্ডলে ৷ পথটোৰ নিৰ্মাণৰ বাবে ইতিমধ্যে বহু আৱেদন ও প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিন্তু আজিকোপতি গা লৰা নাই জিলা প্ৰশাসনৰ। আনহাতে ৰহস্যজনক কাৰণত ঠিকাদাৰ প্ৰশান্ত গায়নক পথ নিৰ্মাণৰ বাবে বাধ্য কৰিব পৰা নাই বিভাগীয় কতৃপক্ষই ৷

ABOUT THE AUTHOR

...view details