অসম

assam

ETV Bharat / state

নিঃচিহ্ন হোৱাৰ পথত আহোম যুগৰ চানেকী ঐতিহাসিক সমল সমূহ - মৈদাম

নিঃচিহ্ন হোৱাৰ পথত ঐতিহাসিক বিষ্ণু দ'ল-জগদ্ধাত্ৰী দ'ল আৰু লক্ষ্মীসাগৰ পুখুৰী ৷ এই ক্ষেত্ৰত গুৰুত্ব নাই ৰাজ্যৰ প্ৰত্নতত্ব বিভাগৰ ৷ এই অভিযোগ শিৱসাগৰবাসীৰ ৷

poor condition of historical significance of ahom dynasty
নিঃচিহ্ন হোৱাৰ পথত ঐতিহাসিক সমল সমূহ

By

Published : Sep 13, 2021, 7:57 PM IST

আমগুৰি,13 ছেপ্টেম্বৰ : তাহানিৰ আহোম যুগত নিৰ্মাণ কৰা দ'ল-দেৱালয় তথা মৈদাম-পুখুৰীসমূহ অসম পৰ্যটন এক আকৰ্ষণৰ কেন্দ্ৰ স্বৰূপ ৷ আহোম যুগৰ এই ঐতিহাসিক সমল সমূহে দাঙি ধৰি আহিছে আহোমৰ বীৰত্ব আৰু দেশপ্ৰেমৰ এক সুন্দৰ চানেকিৰ নিদৰ্শন । ৬০০ বছৰীয়া ঐতিহ্য বহনকাৰী আহোম স্বৰ্গদেউসকলৰ স্থাপত্য-ভাস্কৰ্যৰ অন্যতম চানেকি এই দ'ল-দেৱালয়, মৈদাম-পুখুৰী সমূহ আজিও জিলিকি আছে সগৌৰৱেৰে ।

অস্তিত্বৰ সংকটত ঐতিহাসিক সমল

উল্লেখ্য যে, আহোমৰ শাসনকালত বৰ্তমানৰ শিৱসাগৰ জিলা অৰ্থাৎ সেই সময়ত ৰংপুৰেই আছিল ৰাজধানী । এই ৰংপুৰৰ পৰাই শাসনভাৰ চলোৱা সেই সময়ৰ স্বৰ্গদেউসকলে বিভিন্ন স্থানত নিজৰ স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰি সাজিছিল দ'ল-দেৱালয়,পুখুৰী ইত্যাদি । শিৱসাগৰ জিলাত থকা আহোমৰ এই দ'ল-দেৱালয়, মৈদাম-পুখুৰী সমূহ সাম্প্ৰতিক সময়ৰ শাসন ব্যৱস্থাত অধিকাংশই জহি-খহি যাবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক:পাঁচ বছৰৰ মূৰত ঘৰলৈ উভতিব বাংলাদেশত আৱদ্ধ দৰঙৰ যুৱক

জিলাখনৰ কালুগাঁৱত থকা ঐতিহাসিক বিষ্ণুদ'ল-জগদ্ধাত্ৰী দ'ল আৰু ১১০ বিঘা মাটিকালিৰে থকা লক্ষ্মীসাগৰ পুখুৰী এতিয়া সংৰক্ষণৰ অভাৱত সময়ৰ সোঁতত বিলীন হৈ যোৱাৰ উপক্ৰম ঘটিছে ।

নিঃচিহ্ন হোৱাৰ দিশে আহোম যোগৰ চানেকী

স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক হৰিনাথ বৰপাত্ৰ গোহাঁয়ে ১৭১৪ ৰ পৰা ১৭৪৪ খ্ৰীষ্টাব্দৰ এই সময়চোৱাত নিৰ্মাণ কৰি উলিয়াইছিল ঐতিহাসিক বিষ্ণুদ'ল, জগদ্ধাত্ৰী দ'ল আৰু লক্ষ্মীসাগৰ পুখুৰী । দেৱ-দেৱীৰ চিত্ৰ-ভাস্কৰ্যৰে কাৰুকাৰ্য খচিত দ'ল দুটিয়ে বুৰঞ্জীৰ অন্যতম স্বাক্ষৰ বহন কৰি আহিছে ৷ কিন্তু কালৰ সোঁতত পৰি এই সমল সমূহৰ সংৰক্ষণৰ অভাৱ পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:অসুৰক্ষিতভাৱে চলিছে ঘাগৰ ঘাটৰ ফেৰী সেৱা

পৰ্যটকৰ পূৰ্ণ সম্ভাৱনা থকা এই অঞ্চলটো আজি উপেক্ষিত । সগৌৰৱে দুটাকৈ ঐতিহাসিক দ'ল এটা বৃহদাকাৰ পুখুৰী থকাৰ পিছতো ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে ভাও লৈ আছে চকু মুদা কুলিৰ । ইফালে পুখুৰীৰ চাৰিও দিশ এতিয়া বেদখলকাৰীৰ কৱলত ।

দ'লৰ মাটি আৰু অৱস্থিতি বেদখলকাৰীৰ কৱলত পৰি নিঃশেষ হোৱাৰ পথত । কাৰ্যক্ষম হৈ থকা বিভাগটোৰ বিষয়াসকলেও চকী নেৰে কাৰ্যালয়ৰ । কাৰ্যালয়তে দায়িত্ব সামৰা বিভাগটোৰ বিষয়াসকলো এই লৈ মৌন । যেন সাহসেই গোটাব পৰা নাই এই সমূহ স্থান বেদখল মুক্ত কৰাৰ বাবে ।

লগতে পঢ়ক:পেগাচাছ কাণ্ড : আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

আটাছুৰ স্থানীয় বিষয়ববীয়াসকলে দ'ল আৰু পুখুৰী সংৰক্ষণ কৰিবলৈ চৰকাৰক জনাইছে দাবী । সকলোৰে প্ৰশ্ন মাথোঁ এটাই, অসমৰ গৌৰৱ তথা বিশ্বৰ পৰ্যটন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আহোম স্বৰ্গদেউসকলৰ শাসনকালত নিৰ্মাণ কৰা এই দ'ল-দেৱালয় তথা মৈদাম-পুখুৰীৰ হ'বনে উপযুক্ত সংৰক্ষণ ?

লগতে পঢ়ক:লুইতৰ চাপৰিত শৰতৰ বতৰা কঢ়িয়াইছে কঁহুৱাই

ABOUT THE AUTHOR

...view details