আমগুৰি,18 মে’: আহোম ৰাজত্বকালৰ ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰ জিলাৰ এবিধ ঐতিহাসিক সম্পদ হৈছে বৰঢাপ আলি ৷ দ’ল, দেৱালয়, পুখুৰীৰ লগতে নানা সমলেৰে পৰিপূৰ্ণ শিৱসাগৰ জিলাত বহু সম্পদ আছে, যিবিলাক আজিও উদঘাটন হোৱা নাই ৷ বৰাহীবাৰীত থকা ঐতিহাসিক বৰঢাপ সংৰক্ষণত পুৰাতত্ব বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
উল্লেখ্য যে, আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত 1779 খ্ৰীষ্টাব্দত স্বৰ্গদেউৰ ভনীয়েক আদাবৰীয়া সন্দিকৈক বিবাহসূত্ৰে বৰাহীবাৰী অঞ্চলত 120 পূৰা মাটিৰে খাট-পাম দি শাসক হিচাপে ঘোষণা কৰিছিল । এইগৰাকী স্বৰ্গদেউৰ ভনীয়েক আদাবৰীয়া সন্দিকৈয়ে মাত্ৰ 30 দিনতে বৰঢাপ নিৰ্মাণ কৰি বৰাহীবাৰীক শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু জীৱ-জন্তুক সুৰক্ষা দিবলৈ বৰঢাপ মাৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ।