অসম

assam

By

Published : Jun 5, 2021, 10:50 PM IST

ETV Bharat / state

ধোদৰ আলিৰ দুৰৱস্থাই জলা-কলা খুৱাইছে আমগুৰিবাসীক

আমগুৰিৰ নামতি চাৰিআলিৰ সমীপৰ ধোদৰ আলিৰ দুৰৱস্থাই ব্যাহত কৰি তুলিছে যাতায়ত ব্যৱস্থা ৷ পথটো মেৰামতি নকৰাৰ বাবে ঠায়ে ঠায়ে দ গাঁতৰ সৃষ্টি হৈছে ৷

poor-condition-of-dhudar-ali-in-amguri
ধোদৰ আলিৰ দুৰৱস্থাই জাল-কলা খোৱাইছে আমগুৰিবাসীক

আমগুৰি, ৫ জুন:ঐতিহাসিক ধোদৰ আলিৰ দুৰৱস্থাই ব্যাহত কৰি তুলিছে যাতায়ত ব্যৱস্থা ৷ আমগুৰি পৰা নামতি লৈতে পথছোৱা পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও কেইবা বছৰ ধৰি পথচোৱা মেৰামতি নকৰাৰ বাবেই ঠায়ে ঠায়ে ভাঙিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ ফলত পথচোৱাৰ মাজে মাজে দ গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

নামতি চাৰিআলিৰ সমীপতে পথৰ এটা অংশ ভাঙি যোৱা ফলত দ গাঁত সৃষ্টি হোৱা দেখা গৈছে ৷ স্থানীয় লোকে সদৰি কৰা মতে পথটোৰ মাজ ভাগতে সৃষ্টি দ গাঁতৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ ইয়াৰ ফলত বহুজনে প্ৰাণ হেৰুৱাইছে বুলিও জানিবলৈ দিছে স্থানীয় লোকে ৷

ধোদৰ আলিৰ দুৰৱস্থাই জাল-কলা খোৱাইছে আমগুৰিবাসীক

এই পথটোৰ মোৰামতি কৰিবৰ বাবে স্থানীয় লোক সকলে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ বাবে অধিক পথটো অধিক বেয়া হ'বলৈ আৰম্ভ কৰিছে আৰু যাতায়তৰ ক্ষেত্ৰতো এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷

অভিযোগ অনুসৰি শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগে পথচোৱা মেৰামতিত গুৰুত্ব প্ৰদান নকৰাৰ বাবেই আজি পথটো এই অৱস্থা ৷ গতিকে শীঘ্ৰে পথচোৱা মেৰামতি কৰিবলৈ মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক পুনৰ বাবে দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক:টকা লৈ কোনে দিছিল কংগ্ৰেছৰ টিকট ?

ABOUT THE AUTHOR

...view details