অসম

assam

ETV Bharat / state

দুৰ্বিসহ ! কচু-ঢেকীয়া খাই জীয়াই থকা এটি পৰিয়াল - নন্দ গগৈ

আমগুৰি সমষ্টি (Amguri Constituency)ৰ নামতি চৰাইমুৰীয়া গাঁৱৰ 7 নং ৱাৰ্ডৰ নন্দ গগৈৰ পৰিয়ালটিৰ দুৰাৱস্থা ৷ কচু-ঢেকীয়া শাক খাই জীৱন অতিবাহিত কৰা পৰিয়ালটিয়ে আজিলৈকে পোৱা নাই চৰকাৰী সা-সুবিধা ৷

poor-condition-of-a-family-in-amguri
দুৰ্বিসহ ! কচু-ঢেকীয়া খাই জীয়াই থকা এটি পৰিয়াল

By

Published : Jul 6, 2021, 5:46 PM IST

আমগুৰি,6 জুলাই : শিৱসাগৰ জিলাৰ আমগুৰিত দৰিদ্ৰতা (Poverty) হৈ পৰিছে এক অভিশাপস্বৰূপ । আমগুৰি সমষ্টি (Amguri Constituency)ৰ নামতি চৰাইমুৰীয়া গাঁৱৰ 7 নং ৱাৰ্ডৰ নন্দ গগৈ (Nanda Gogoi)ৰ পৰিয়ালটিৰ দুৰ্বিসহ জীৱনে দুচকু সেমেকাই তুলিব । কচু-ঢেকীয়া শাক খাই জীৱন অতিবাহিত কৰাৰ লগতে জীয়াই থকাৰ মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে এই দুৰ্ভগীয়া পৰিয়ালটিয়ে । পলিথিনৰ চালিখনে যেন এতিয়া পৰিয়ালটিৰ আশ্ৰয়ৰ ভৰসা ।

এটি স্বাস্থ্যসন্মত শৌচালয়, চৰকাৰী চাউলৰ পৰা বঞ্চিত হৈ আছে দুখীয়া পৰিয়ালটি । দিন-হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটিৰ টিনপাত যোগান ধৰিবলৈও নাই সামৰ্থ । চৰকাৰী আঁচনিয়ে আজি পৰ্যন্ত ঢুকি নাপালে পৰিয়ালটিক । দুটি অবুজ সন্তানক বুকুত সাৱটি লৈ বৰষুণ দিলে অনিদ্ৰাত পাৰ কৰিবলগীয়া হয় এই পৰিয়ালটিয়ে ৷

দুৰ্বিসহ ! কচু-ঢেকীয়া খাই জীয়াই থকা এটি পৰিয়াল

চৰকাৰ পৰিৱৰ্তন হয়, কিন্তু পৰিৱৰ্তন নহয় কিছুমান দুখীয়া লোকৰ জীৱন-ধাৰণৰ পদ্ধতি । তাৰেই এক জ্বলন্ত উদাহৰণ নন্দ গগৈৰ পৰিয়ালটি । অতি দুৰ্বিসহ জীৱন নিৰ্বাহ কৰা এই পৰিয়ালটিৱে কচু-ঢেকীয়া বিক্ৰী কৰি, দিন-হাজিৰা কৰি খাই আহিছে যদিও থাকিবৰ কাৰণে তেওঁলোকৰ নাই এটি যথোপযুক্ত গৃহ ।

গৃহটোৰ এফালে তিৰ্পাল দি ৰ’দ-বৰষুণৰ পৰা বাচিবলৈ চেষ্টা কৰিছে দুখীয়া পৰিয়ালটিয়ে ৷ নন্দ গগৈৰ লেখীয়াকৈ আমগুৰি সমষ্টিত এনে বহু পৰিয়াল আছে, যিসমূহ পৰিয়ালে আজিও দেখা নাই চৰকাৰী আঁচনিৰ মুখ । গতিকে চৰকাৰী বিষয়া-কৰ্মচাৰী, পঞ্চায়তৰ প্ৰতিনিধি তথা জনপ্ৰতিনিধিৰ চকু নপৰা এইসমূহ দুখীয়া পৰিয়ালৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ৰ চকু পৰিবনে, তাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷

লগতে পঢ়ক :এবছৰে সম্পূৰ্ণ নহ’ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details