অসম

assam

By

Published : Dec 11, 2021, 9:00 PM IST

ETV Bharat / state

পৰ্যটনৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছে স'ৰাগুৰি চাপৰিৰ বিপদসংকুল যাতায়তে

স'ৰাগুৰি চাপৰিত আজিও সুচল হৈ উঠা নাই যাতায়ত ব্যৱস্থা (Communication system of Saraguri Chapori) ৷ অনুন্নত যাতায়তৰ এই সমস্যাটোৱে বেয়াকৈ প্ৰভাৱি কৰিছে আজানপীৰ দৰগাহ আৰু স'ৰাগুৰি চাপৰিৰ পৰ্যটন ক্ষেত্ৰখনক(Poor Communication affects tourism sector) ৷

Poor Communication affects tourism sector
স'ৰাগুৰি চাপৰিত আজিও সুচল হৈ উঠা নাই যাতায়ত ব্যৱস্থা

আমগুৰি, ৯ ডিচেম্বৰ: ডিচেম্বৰ-জানুৱাৰী আহিলেই ৰাজ্যৰ পৰ্যটনস্থলী সমূহত ভিৰ কৰে পৰ্যটক তথা বনভোজৰ দলবোৰে ৷ আন আন পৰ্যটনস্থলীৰ দৰে ব্যৰ্তিক্ৰম নহয় স'ৰাগুৰি চাপৰি ৷ ৰাজ্যৰ উল্লেখনীয় এডোখৰ পৰ্যটনস্থলী হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক স'ৰাগুৰি চাপৰি ।

পৰিতাপৰ বিষয় যে, এই স'ৰাগুৰি চাপৰিত আজিও সুচল হৈ উঠা নাই যাতায়ত ব্যৱস্থা (Communication system of Saraguri Chapori) ৷ স্থানীয় লোকে সদৰী কৰা মতে, দিখৌ-দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংযোগ স্থানত স্থানীয় লোকে কেৱল এখনি মাৰ-নাৱেৰে অব্যাহত ৰাখিছে যাতায়াত। যাৰ ফলত স'ৰাগুৰি চাপৰিলৈ অহা পৰ্যটকৰ লগতে স্থানীয় লোক সকলে প্ৰত্যেক দিনে কৰি আহিছে বিপদসংকুল যাতায়ত ৷ অনুন্নত যাতায়তৰ এই সমস্যাটোৱে বেয়াকৈ প্ৰভাৱি কৰিছে আজানপীৰ দৰগাহ আৰু স'ৰাগুৰি চাপৰিৰ পৰ্যটন ক্ষেত্ৰখনক(Poor Communication affects tourism sector) ৷

স'ৰাগুৰি চাপৰিত আজিও সুচল হৈ উঠা নাই যাতায়ত ব্যৱস্থা

অভিযোগ অনুসৰি, জীৱন-মৰণক বুকুত বান্ধি দৈনিক ইপাৰ-সিপাৰ হ'ব লগা হয় স্থানীয় লোকসকল । পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী ঐতিহাসিক আজানপীৰ দৰগাহ আৰু স'ৰাগুৰি চাপৰিৰ পৰ্যটন ক্ষেত্ৰ( tourism sector of Ajan Pir Dargah and Saraguri Chapori)ৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি যোগাযোগ ব্যৱস্থাটো সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে আজিকোপতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে, প্ৰত্যেক বছৰৰ ডিচেম্বৰ-জানুৱাৰী মাহত স'ৰাগুৰি চাপৰিত হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰে আৰু প্ৰত্যেকে যাতায়ত ব্যৱস্থাটোক লৈয়ে অসন্তুষ্টি প্ৰকাশ কৰে ৷ বিভাগীয় কৰ্তৃপক্ষক স'ৰাগুৰি চাপৰিৰ সুচল যাতায়তৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বহুবাৰ দাবী জনোৱা হৈছিল ; কিন্তু সেই দাবীয়ে আজিকোপতি গুৰুত্ব লাভ নকৰিলে ৷

গতিকে এনে ক্ষেত্ৰত স'ৰাগুৰি চাপৰিত যাতায়তৰ সুব্যৱস্থা তথা দিখৌ-দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংযোগ স্থানত এখনি দলঙৰ ব্যৱস্থা কৰিবলৈ বৰ্তমানৰ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ৰাজ্যৰ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক:তিনিচুকীয়াৰ জীৱন জ্যোতিত তিনিদিনীয়া নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details