শিৱসাগৰ, 11 ফেব্ৰুৱাৰী : অসমৰ পৌৰ নিৰ্বাচনৰ(Assam Municipal Election 2022) দিন ঘোষণা কৰাৰ লগে লগে (Election Commission announced Assam Municipal Election date) আৰম্ভ হৈছে পৌৰ নিকায় দখলৰ তৎপৰতা । ৰাজনৈতিক দলসমূহৰ লগতে ব্যক্তি বিশেষে পৌৰ নিৰ্বাচনত অংশ লোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে ।
শিৱসাগৰ জিলাত এইবাৰ শিৱসাগৰ পৌৰসভা, আমগুৰি পৌৰসভা, ডিমৌ পৌৰসভা, নাজিৰা পৌৰসভা আৰু শিমলুগুৰি পৌৰসভাৰ বাবে অনুষ্ঠিত হ'ব পৌৰ নিৰ্বাচন ।শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত ৩২,৮৬৮ গৰাকী ভোটাৰে শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ পৌৰ নিকায় প্ৰতিনিধি নিৰ্বাচন কৰাৰ বিপৰীতে ডিমৌ আৰু আমগুৰি পৌৰসভাৰ ক্ৰমে ৬,১৯০ আৰু ৬,০৬০ গৰাকী পৌৰ ভোটাৰে পৌৰ নিকায় প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোটদান কৰিব (Municipal Election 2022 in Sivasagar) ।
১৪ টা ৱাৰ্ড সম্বলিত শিৱসাগৰ পৌৰসভা দখলৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণকৌশল আৰম্ভ কৰিছে ৷ আগন্তুক শিৱসাগৰ পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু ৰাইজৰ দলে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰদানৰ বিপৰীতে কংগ্ৰেছ দলে অসম জাতীয় পৰিষদৰ সৈতে বুজাবুজি কৰি প্ৰাৰ্থী প্ৰদানৰ সম্ভাৱনা আছে ।