অসম

assam

ETV Bharat / state

শিৱসাগৰত আৰম্ভ অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

শিৱসাগৰ জিলাত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম জাতীয় পৰিষদ দলৰ ৰাজনৈতিক অভিৱৰ্তন আৰম্ভ ৷ অভিৱৰ্তনত গঠন হ’বলগীয়া কাৰ্যনিৰ্বাহক সমিতিত সদৌ অসম ছাত্ৰ সন্থাৰ বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সভাপতি অথবা সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা ৷

political aspiration of asom jatiya parishad
অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

By

Published : Dec 16, 2020, 11:04 AM IST

শিৱসাগৰ,16 ডিচেম্বৰ : বুধবাৰৰ পৰা ঐতিহাসিক শিৱসাগৰ জিলাত আৰম্ভ হৈছে নৱ গঠিত অসম জাতীয় পৰিষদ দলৰ ৰাজনৈতিক অভিৱৰ্তন ৷ এই নতুন জাতীয়তাবাদী দলটোৰ পূৰ্ণাংগ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰ আৰু নাট্য মন্দিৰত অনুষ্ঠিত হৈছে ।

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

পুৱাৰ ভাগত প্ৰথমটো কাৰ্যসূচীৰূপে পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ সম্পন্ন কৰা হয় । দলৰ পতাকা উত্তোলন কৰে কৃষ্ণ কমল ভট্টাচাৰ্যই । পৰৱৰ্তী সময়ত দলীয় সদস্যসকলে শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । আনহাতে দিনৰ ভাগত অনুষ্ঠিত হ’ব জাতীয় দিক্-দৰ্শন সন্মিলন ।

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

উক্ত সন্মিলনত ভাগ ল’ব সাহিত্যিক হোমেন বৰগোঁহাঞি, বুদ্ধিজীৱি নেকিবুৰ জামানৰ লগতে দলৰ বহু বিশিষ্ট ব্যক্তি । বিয়লি প্ৰতিনিধি সভা, সন্ধিয়াৰ ভাগত দলৰ সংবিধান গ্ৰহণ আৰু নিশা ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

আনহাতে 17 ডিচেম্বৰত প্ৰতিনিধি সভা, সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা অনুষ্ঠিত হ’ব । উল্লেখ্য যে, বুধবাৰৰ এই অভিৱৰ্তনত সদৌ অসম ছাত্ৰ সন্থাৰ বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰিব । অভিৱৰ্তনত গঠন হ’বলগীয়া কাৰ্যনিৰ্বাহক সমিতিত লুৰিণজ্যোতি গগৈয়ে সভাপতি অথবা সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসম জাতীয় পৰিষদক নেতৃত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :পুনৰ জনাঞ্চললৈ উভতি আহিছে বন্যহস্তীৰ বৃহৎ জাক

ABOUT THE AUTHOR

...view details