অসম

assam

ETV Bharat / state

আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই নষ্ট - Amguri Police

শুকুৰবাৰে আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই জব্দ আৰক্ষী (Police) আৰু আবকাৰী বিভাগ (Excise Department)ৰ ৷ মাটিৰ তলত আৰু হাবিৰ মাজত ড্ৰামৰ পৰা 5000 লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰে বিভাগটোৱে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত আৰক্ষীৰ ৷

police destroyed liquor at amguri
আমগুৰিত চুলাই নষ্ট

By

Published : Jul 23, 2021, 6:59 PM IST

আমগুৰি, 23 জুলাই : শিৱসাগৰ জিলাৰ আমগুৰিত আৰক্ষী (Amguri Police) আৰু আবকাৰী বিভাগ (Excise Department)ৰ চুলাই (liquour) বিৰোধী অভিযানত শুকুৰবাৰে জব্দ হয় বৃহৎ পৰিমাণৰ চুলাই ৷ আমগুৰিৰ দেওৰজা, মানটনীয়াত, ৰ’দঘাইটিং অঞ্চলত মাটিৰ তলত আৰু হাবিৰ মাজত ড্ৰামৰ পৰা জব্দ কৰা হয় হাজাৰ হাজাৰ লিটাৰ চুলাই ৷ মুঠ 5000 লিটাৰ চুলাই নষ্ট কৰে আবকাৰী বিভাগে ৷ মাটিৰ তলত পুতি ৰখা অৱস্থাত বিষাক্ত চুলাই জব্দ কৰিছে আৰক্ষী আৰু আবকাৰী বিভাগে ৷

আমগুৰিত চুলাই নষ্ট

অস্বাস্থ্যকৰভাৱে বাঁহনিৰ তলত অতি মৰাত্মকভাৱে চুলাই বেপাৰীয়ে জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে এই বৰবিহ চুলাই । ৰাজ্যৰ গ্ৰামাঞ্চলত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে চুলাইৰ ঘাটি । সহজলভ্য ধন ঘটাৰ পন্থা অৱলম্বন কৰি গ্ৰামাঞ্চলত চুলাই ঘাটি বহুৱাই একাংশ লোকে সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছে ।

চুলাই সেৱনৰ ফলত ধ্বংসৰ মুখলৈ গতি কৰিছে নৱ প্ৰজন্ম ৷

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চুলাই ঘাটি তথা নিচাযুক্ত সামগ্ৰীৰ ঘাটি উচ্ছেদ কৰিবলৈ আবকাৰী আৰু আৰক্ষী বিভাগক কঠোৰ নিৰ্দেশ দিয়াৰ পাচতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিতো আৰক্ষী আৰু আবকাৰী বিভাগে অব্যাহত ৰাখিছে চুলাই বিৰোধী অভিযান । এনে অভিযানত আৰক্ষী আৰু আবকাৰীয়ে চুলাই ঘাটি উচ্ছেদ কৰি আহিছে ৷ কিন্তু তথাপিও কেৰেপ নকৰে চুলাই বেপাৰীয়ে । আৰক্ষীৰ অভিযানৰ মাজেৰেই একাংশই কৰি গৈছে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা ৷ গতিকে এই ক্ষেত্ৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান কিমান দূৰ সফল হ’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক :নাই দলং : টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত

ABOUT THE AUTHOR

...view details