আমগুৰি,২৬ মে : বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষীয়ে অভিযান চলায় এটা চুলাইৰ ঘাটি উৎখাত কৰে । অঞ্চলটোৰ দেওৰজা কমাৰচুকত আৰক্ষীয়ে লণ্ড-ভণ্ড কৰে এটা চুলাই ঘাটি । উল্লেখ্য যে, বুধবাৰে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত চলোৱা এক অভিযানত দেওৰজা কমাৰচুকৰ ৰিংকু গগৈয়ে চলাই থকা চুলাইৰ ঘাটিটো লণ্ড-ভণ্ড কৰে আৰক্ষী বাহিনীয়ে।
আমগুৰিত আৰক্ষীয়ে উৎখাত কৰিলে চুলাইৰ ঘাটি
শেহতীয়াকৈ ৰাজ্যৰ আৰক্ষী বিভাগ নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহা বেপাৰ নিয়ন্ত্ৰণ কৰিবলৈ উঠি পৰি লাগিছে ৷ বুধবাৰৰ দিনটোত শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষীয়ে এক অভিযানত এটা চুলাইৰ ঘাটি উৎখাত কৰে ৷
আমগুৰিত আৰক্ষীয়ে উৎখাত কৰিলে চুলাইৰ ঘাটি
আৰক্ষী বাহিনীয়ে এই অভিযানত চুলাইৰ ঘাটিটোত মজুত থকা প্ৰায় ২০০০ লিটাৰ চুলাই নষ্ট কৰে । ইফালে, ৰিংকু গগৈৰ ঘাটিত চুলাই বনোৱা চাৰিটাকৈ ড্ৰাম নষ্ট কৰিলে আৰক্ষীয়ে ৷ উল্লেখ্য যে, আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰে বিভিন্ন সময়ত এনে অভিযান চলাই চুলাই প্ৰস্তুতকাৰী তথা বেপাৰী সকলৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে । আনহাতে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ এনে পদক্ষেপক আদৰণি জনাইছে আমগুৰিৰ সচেতন লোক সকলে ।