শিৱসাগৰ,৩জুলাই : শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী চকীৰ উপ আৰক্ষীৰ পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাৰ বিৰুদ্ধে অভিযোগ এগৰাকী মহিলাৰ ।
কেছ ডায়েৰী লিখিবলৈ আৰক্ষীক দিব লাগে ধন ! - বিদ্যুৎ বিকাশ বৰুৱা
শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী চকীৰ উপ আৰক্ষীৰ পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাই চুৰি সোণ ক্ৰয় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা এজন সোণাৰীক কেছ ডায়েৰী ভালকৈ লিখি দিয়াৰ বিনিময়ত ৩ লাখ টকাৰ দাবী কৰাৰ অভিযোগ উত্থাপন কৰে সোণাৰিগৰাকীৰ লগতে সোণাৰিগৰাকীৰ পত্নীয়ে
উল্লেখ্য যে, ২৮ জুনত গৌৰীসাগৰ আৰক্ষীয়ে শিৱসাগৰৰ বাবুপট্টিৰ বাদল দে' নামৰ এজন সোণাৰিক চুৰি সোণ ক্ৰয় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল । সোণাৰিজনক ৰখা হৈছিল গৌৰীসাগৰ আৰক্ষী চকীত । ২৯ জুনত গৌৰীসাগৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰাই বাদল দে'ক পুনৰ চাৰি দিনৰ জিম্মাত লৈছিল । কিন্তু ২ জুলাইত অভিযুক্ত সোণাৰিজনৰ জিম্মাৰ ম্যাদ শেষ হোৱাত বুধবাৰে পুনৰ আদালতত হাজিৰ কৰা হয় সোণাৰিজনক । সোণাৰিজনক হাজিৰ কৰা সময়তে আদালত চৌহদত উত্তেজনামুলক পৰিস্থিতিৰ সৃষ্টি হয় । সোণাৰিগৰাকী আৰক্ষী জিম্মাত থকা অৱস্থাত গৌৰীসাগৰ আৰক্ষীৰ উপ আৰক্ষীৰ পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাই কেছ ডায়েৰী ভালকৈ লিখি দিয়াৰ বিনিময়ত ৩ লাখ টকাৰ দাবী কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে সোণাৰিগৰাকীৰ পত্নীয়ে । পত্নীগৰাকীৰ এই মন্তব্যৰ পাছতেই শিৱসাগৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে, আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সোণাৰিজনে ভিডিঅ'যোগে এএছআই বিদ্যুৎ বিকাশ বৰুৱাই ধন দাবি কৰাৰ কথা নিজমুখে স্বীকাৰ কৰে ।