অসম

assam

By

Published : Jan 23, 2021, 8:50 AM IST

Updated : Jan 23, 2021, 10:24 AM IST

ETV Bharat / state

প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু জেৰেঙা পথাৰ

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ইতিমধ্যে জেৰেঙা পথাৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । ১০ বজাত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কাৰ্যসূচী উদ্বোধন কৰিব ৷

pm modi will arive jerenga pathar at 10 am today
pm modi will arive jerenga pathar at 10 am today

শিৱসাগৰ, 23 জানুৱাৰী : আজি শিৱসাগৰৰ জেৰেঙা পথাৰলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বিধান সভা নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণে তাৎপৰ্য বহন কৰিছে । যদিও সৰ্বানন্দ সোণোৱাল চৰকাৰে এক লাখ লোকক ভূমিপট্টা প্ৰদানৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰিছে,তথাপিও এই ভ্ৰমণৰ অন্তৰালত ৰাজনৈতিক তৎপৰতা থকা পৰিলক্ষিত হৈছে ।

অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বাবে ইতিমধ্যে জেৰেঙা পথাৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । লক্ষাধিক জনতা বহিব পৰা বৃহৎ সভাগৃহ, হেলিপেড, সংযোগী পথ আদি সাজু হৈ কৰি তোলা হৈছে । ১০ বজাত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কাৰ্যসূচী উদ্বোধন কৰিব ৷

প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু জেৰেঙা পথাৰ

আনহাতে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে আছুৱে ৷ শুকুৰবাৰে ৰাজ্যজুৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তাৰ মাজতেই সভাপতি দীপাংক কুমাৰ নাথ আৰু মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই ঘোষণা কৰিছে যে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়চোৱাতো অব্যাহত থাকিব প্ৰতিবাদ ৷

প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু জেৰেঙা পথাৰ

লগতে পঢ়ক :অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি সোঁৱৰালে দেৱব্ৰত শইকীয়াই

Last Updated : Jan 23, 2021, 10:24 AM IST

ABOUT THE AUTHOR

...view details