অসম

assam

By

Published : Jan 22, 2021, 7:54 PM IST

ETV Bharat / state

কাইলৈ শিৱসাগৰলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

কাইলৈ শিৱসাগৰৰ জেৰেঙা পথাৰত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত মোডীৰ শিৱসাগৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ইতিমধ্যে জেৰেঙা পথাৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ।

pm-modi-visit-sivsagar-tomorrow
কাইলৈ শিৱসাগৰলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

শিৱসাগৰ, 22 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ শনিবাৰে শিৱসাগৰৰ জেৰেঙা পথাৰলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত মোডীৰ শিৱসাগৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ।

যদিও সৰ্বানন্দ সোনোৱাল চৰকাৰৰ এক লাখ লোকক ভূমিপট্টা প্ৰদানৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, তথাপিও এই ভ্ৰমণৰ অন্তৰালত আছে ৰাজনৈতিক তৎপৰতা । প্ৰধানমন্ত্ৰীৰ এই ৰাজনৈতিক ভ্ৰমণৰ বাবে ইতিমধ্যে জেৰেঙা পথাৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । লাখৰ ঘৰত জনতা বহিব পৰা বৃহৎ মণ্ডপ, হেলিপেড, সংযোগী পথ আদিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ।

কাইলৈ শিৱসাগৰলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ইতিমধ্যে সমগ্ৰ সভা স্থলী বিশেষ সুৰক্ষা বলে নিজৰ তত্বাৱধানলৈ আনি সকলো সুৰক্ষাগত ব্যৱস্থাৰ তদাৰক কৰিছে । অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া, শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে চৰকাৰৰ বহু প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীৰ তদাৰক কৰিছে । শুকুৰবাৰে জেৰেঙা পথাৰৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আগত সকলো প্ৰস্তুতিৰ বুজ লৈ কাইলৈৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: ৰাইজৰ ধনেৰে লাহ-বিলাসত ব্যস্ত শাসকীয় দলৰ নেতা:ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details