আমগুৰি,২৮ নৱেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰ জিলাৰ আমগুৰিত শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চই ৷ আমগুৰি নগৰ চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চই এই আইন বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতিকৃৰ্তি দাহ কৰে ৷
আমগুৰিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ - narendra modi
চৰকাৰে শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰিলে,আগন্তুক দিনত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চই ৷
![আমগুৰিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ PM and CM Effigy Burn at Sivasagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9690390-thumbnail-3x2-j.jpg)
আমগুৰিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ
প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী গ’ বেক,সৰ্বানন্দ সোণোৱাল গ’ বেক,"কা" বাতিল কৰিব লাগিবই,অসমখন বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ’ব, জাতীয় বদন সৰ্বানন্দ সোণোৱাল হুচিয়াৰ,বিজেপি গ’ বেক আদি শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে । চৰকাৰে শীঘ্ৰে আইনখন বাতিল নকৰিলে,আগন্তুক দিনত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চই ৷
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন : বিটিচি হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নেকি !