অসম

assam

ETV Bharat / state

75 বছৰত ভৰি দিল পোহৰ সন্ধানী শিৱসাগৰ মহাবিদ্যালয়ে - diamond jubilee of sibsagar college

ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ে সগৌৰৱেৰে সম্পূৰ্ণ কৰিলে ৭৪ টা বর্ষ । ১৯৪৭ চনৰ ২ নৱেম্বৰ তাৰিখে ফুলনি কবি পদ্মধৰ চলিহাৰ উদ্যোগত নগৰৰ কালিপ্রসাদ সোঁৱৰণী ভৱনত জন্ম হৈছিল শিৱসাগৰ মহাবিদ্যালয় ৷

platinum jubilee of sibsagar college
75 বছৰত ভৰি দিল পোহৰ সন্ধানী শিৱসাগৰ মহাবিদ্যালয়ে

By

Published : Nov 3, 2021, 9:02 PM IST

শিৱসাগৰ, 3 নৱেম্বৰ :এছিয়াৰ ভিতৰতে বিখ্যাত জয়সাগৰ পুখুৰীৰ পূৱ পাৰত অৱস্থিত ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ে সগৌৰৱেৰে সম্পূৰ্ণ কৰিলে ৭৪ টা বর্ষ । দেশে স্বাধীনতা লাভ কৰাৰ বর্ষত অর্থাৎ ১৯৪৭ চনৰ ২ নৱেম্বৰ তাৰিখে ফুলনি কবি পদ্মধৰ চলিহাৰ উদ্যোগত নগৰৰ কালিপ্রসাদ সোঁৱৰণী ভৱনত জন্ম হৈছিল শিৱসাগৰ মহাবিদ্যালয় ৷

75 বছৰত ভৰি দিল পোহৰ সন্ধানী শিৱসাগৰ মহাবিদ্যালয়ে

পৰৱৰ্তী ১৯৫২ চনত ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰলৈ স্থানান্তৰিত কৰা হৈছিল শিৱসাগৰ মহাবিদ্যালয়ক । পোহৰ সন্ধানী মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি মজবুত কৰাৰ ক্ষেত্ৰত সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ অৱদান উল্লেখযোগ্য। মহাৰজত জয়ন্তীৰ উপলক্ষে মহাবিদ্যালয়খনৰ ফুলনি কবি পদ্মধৰ চলিহা আৰু পৰাগধৰ চলিহাৰ দুটি আৱক্ষ মূর্তি শিৱসাগৰ কলেজ কৰ্তৃপক্ষ, শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ একতা সভাৰ ১৮/১৯ বর্ষ তথা শুভাকাংক্ষীৰ আর্থিক অনুদানেৰে নির্মাণ কৰা কৰা হৈছে ৷

অহা ৬ নৱেম্বৰত মহাবিদ্যালয়ৰ প্ৰাংগনত প্রতিষ্ঠা কৰা হ'ব আৱক্ষ মূর্তি দুটা । এই দুই আৱক্ষ মূর্তি উন্মোচন কৰিবলৈ কলেজ কর্তৃপক্ষই নিমন্ত্রণ জনাইছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাক । উল্লেখ্য যে, ২ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া কার্যসূচী উপ-নির্বাচনৰ ফলাফল ঘোষণাৰ লগতে মুখ্যমন্ত্রীৰ আগমন বাতিল হোৱাৰ বাবে অহা ৬ তাৰিখলৈ পিছুৱাই দিয়া হৈছে বুলি জানিবলৈ দিছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷

২ নৱেম্বৰ ২০২১ ৰ পৰা ২ নৱেম্বৰ ২০২২ লৈকে প্রতি মাহৰ ২ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । ১ আৰু ২ নৱেম্বৰৰ পৰা পৰাগধৰ চলিহাৰ "চাৰিহাজাৰ বছৰৰ অসম" শীৰ্ষক অনুষ্ঠান মঞ্চস্থ কৰা হ'ব । উক্ত অনুষ্ঠানতে ৭৫ খন গ্রন্থ উন্মোচন কৰা হ'ব ।

লগতে পঢ়ক:দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details