শিৱসাগৰ, 24 ছেপ্টেম্বৰ:শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াৰ 193 সংখ্যক মৃত্যু তিথি উপলক্ষে দেওবাৰে শিৱসাগৰৰ ৰংপুৰ প্ৰাচীন কীর্তিচিহ্ন সংৰক্ষণ সমিতিয়ে শিৱসাগৰত শ্বহীদ স্মৃতি দিৱস পালন কৰে । এই উপলক্ষে শিৱসাগৰ বৰপুখুৰীৰ উত্তৰ-পূব কোণত অৱস্থিত শ্বহীদ পিয়লি ফুকন উদ্যানত শ্বহীদজনৰ প্রতিমূর্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলিৰ লগতে মৈদামত তৰ্পণ প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, সুদীৰ্ঘ 193 বছৰ পূৰ্বে আজিৰ দিনটোতে ঐতিহাসিক শিৱসাগৰৰ বৰ পুখুৰীৰ উত্তৰ পূব দিশত ফাঁচী দিয়া হৈছিল পিয়লি ফুকন আৰু জীউৰাম দুলীয়া ফুকনক । পিয়লি ফুকনৰ পিতৃ বদন বৰফুকনে মান সেনা আনি অসমত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বাট মুকলি কৰিছিল ।
কিন্তু সেই বদনৰ পুত্ৰ পিয়লিয়ে ব্রিটিছক অসমৰ পৰা বিতাড়িত কৰিবৰ বাবে আৰম্ভ কৰিছিল এক স্বাধীনতা সংগ্ৰামৰ । শাৰীৰিক বাধাগ্ৰস্ততা স্বত্বেও মানসিকভাৱে শক্তিশালী পিয়লি ফুকন আছিল দেশপ্রেমী । দুহাতত পেং লৈ এখন স্বাধীন অসমৰ সপোন ৰচিছিল পিয়লি ফুকনে ।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমৰ পৰা ওফৰাই পেলোৱাৰ অভিযান আৰম্ভ কৰিছিল । কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ৰংপুৰৰ কোম্পানীৰ বেৰেক আৰু খাৰঘৰত জুই দিছিল পিয়লিৰ লগতে তেওঁৰ সহযোগীয়ে । ব্ৰিটিছৰ ৰোষত পৰিছিল পিয়লি বাহিনী । ব্রিটিছে মূল অভিযুক্ত হিচাপে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচী আৰু তেওঁৰ সহযোগীসকলক কাৰাবাস দিয়াৰ সিদ্ধান্ত লৈছিল ।