অসম

assam

ETV Bharat / state

শিৱসাগৰত পিয়লি ফুকনৰ মৃত্যু দিৱস পালন ৰংপুৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ - ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি

শ্বহীদ পিয়লি ফুকনৰ আজি ১৯২ সংখ্যক মৃত্যু বাৰ্ষিকী (192nd death anniversary of Piyali Phukan) ব্ৰিটিছক অসমৰ পৰা বিতাড়িত কৰিবৰ বাবে বিদ্ৰোহ আৰম্ভ কৰাৰ অপৰাধত 1830 চনৰ 26 জুলাইৰ দিনা ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পূৱ উত্তৰ কোণত ফাঁচী দিয়া হৈছিল পিয়লি ফুকনক ৷ আজি তেখেতৰ মৃত্যু বাৰ্ষিকী বাৰ্ষিকীৰ দিনা শিৱসাগৰৰ ৰংপুৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে শ্বহীদজনৰ প্ৰতিমূৰ্তিত বন্তি, ধূপ, পুষ্প দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Piyali Phukans 192th death anniversary observed in Sivasagar
শিৱসাগৰত পিয়লি ফুকনৰ মৃত্যু দিৱস পালন ৰংপুৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ

By

Published : Sep 24, 2022, 2:00 PM IST

শিৱসাগৰ, 24 ছেপ্টেম্বৰ: সুদীৰ্ঘ 191 বছৰ পূৰ্বে আজিৰ দিনটোতে ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পূৱ-উত্তৰ দিশত ফাঁচী দিয়া হৈছিল শ্বহীদ পিয়লি ফুকনক (Piyali Phukans 192th death anniversary) ৷ পিয়লি ফুকনৰ পিতৃ বদন বৰফুকনে মান সেনা আনি অসমত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বাট মুকলি কৰিছিল ৷ কিন্তু, সেই বদনৰ পুত্ৰ পিয়লিয়ে ব্ৰিটিছক অসমৰ পৰা বিতাড়িত কৰিবৰ বাবে আৰম্ভ কৰিছিল এক স্বাধীনতা সংগ্ৰাম ৷ শাৰীৰিক বাধাগ্ৰস্ততা মানসিক ভাৱে শক্তিশালী পিয়লি ফুকনৰ দেশপ্ৰেমত কেতিয়াও হেঙাৰ হোৱা নাছিল ৷

দুহাতত পেং লৈ এখন স্বাধীন অসমৰ সপোন ৰচিছিল পিয়লি ফুকনে ৷ আৰম্ভ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমৰ পৰা ওফৰাই পেলোৱাৰ অভিযান ৷ কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ৰংপুৰৰ কোম্পানীৰ বেৰেক আৰু খাৰঘৰত জুই দিছিল পিয়লিৰ লগতে তেওঁৰ সহযোগীয়ে ৷ কিন্তু, পিয়লি আৰু তেওঁৰ সহযোগীৰ পৰিকল্পনা ফাদিল হৈছিল ৷ ফলত ব্ৰিটিছৰ ৰোষত পৰিছিল পিয়লি বাহিনী ৷ ব্ৰিটিছে মূল অভিযুক্ত হিচাপে পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ফাঁচী দিয়াৰ সিদ্ধান্ত লৈছিল ৷

আনহাতে তেওঁৰ সহযোগী সকলক কাৰাবাস দিয়াৰ সিদ্ধান্ত লৈছিল ৷ সেই মৰ্মে 1830 চনৰ 26 জুলাইৰ দিনা ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পূৱ উত্তৰ কোণত পিয়লি ফুকনক ফাঁচী দিয়া হৈছিল ৷

সময়ৰ হিচাপত অসম তথা ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ হিচাপে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া যদিও ভাৰতৰ ইতিহাসে তেওঁলোকক এই মৰ্যাদা নিদি ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদৰূপে 1857 চনৰ চিপাহী বিদ্ৰোহৰ শ্বহীদ মংগল পাণ্ডেক এই স্বীকৃতি প্ৰদান কৰি আহিছে ৷ মৃত্যুৰ পিছতো স্বীকৃতিৰ পৰা বঞ্চিত পিয়লি আৰু জিউৰাম ৷ আজিৰ অসম আৰু অসমীয়াই সমান্তৰাল ভাৱে পাহৰিলে পিয়লিৰ ত্যাগ আৰু অৱদান ৷

শিৱসাগৰত পিয়লি ফুকনৰ মৃত্যু দিৱস পালন ৰংপুৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ

ৰাষ্ট্ৰদোহৰ অপৰাধত ফাঁচী কাঠত ওলমিব লগা হোৱা পিয়লি ফুকনৰ দেশপ্ৰেমৰ চানেকি হিচাপে উক্ত স্থানতে তৈয়াৰ কৰা হৈছে পিয়লি ফুকনৰ প্ৰতিমূৰ্তি ৷ আজি শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াৰ 192 তম মৃত্যু দিৱসৰ দিনা শিৱসাগৰৰ ৰংপুৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে শ্বহীদজনৰ প্ৰতিমূৰ্তিত বন্তি, ধূপ, পুষ্প দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Piyali Phukans death anniversary observed in Sivasagar) ৷

আজিৰ এই অনুষ্ঠানত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি উমেশ গগৈ, সহকাৰী সম্পাদক ড৹ জাকিৰুল আলম আৰু উপসভাপতি প্ৰবীণ শৰ্মাকে ধৰি বহুলোক উপস্থিত থাকে ।

লগতে পঢ়ক:Lok Kalyan Diwas in Baksa: বাক্সাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী পালন

For All Latest Updates

ABOUT THE AUTHOR

...view details